সৰুপথাৰত ৰেল বিভাগৰ ভূমিত চলিল উচ্ছেদ অভিযান …

সৰুপথাৰক আৰ্দশ ৰেল ষ্টেচন হিচাপে গঢ়ি তুলিবলৈ ৰেল বিভাগৰ ভূমিত চলিছে উচ্ছেদ অভিযান । উল্লেখ্য ৰেলৱে ভূমি দখল কৰি থকা লোকসকললৈ ৰেলৱে ভূমি এৰি দিবলৈ পূৰ্বে জাননী প্ৰেৰণ কৰিছিল ৰেল বিভাগে । চাৰিখন জে চি বি ৰে ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত ৰেল বিভাগে আজি চলাইছে উচ্ছেদ অভিযান ।


সৰুপথাৰ নগৰৰ ৰেলৱে ভূমিত যুগ যুগ ধৰি ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলৰ দোকান সমূহ ভাঙি পেলোৱাত শোকত ভাঙি পৰিছে ব্যৱসায়ীসকল। যুগ যুগ ধৰি ৰেলৱে ভূমিত দোকান দি পৰিয়াল পোহপাল দি আছিল এই সকল ব্যৱসায়ীয়ে ।


বহুলোকে সেই স্থানত পাৰ কৰিছিল নিজৰ শৈশৱ। এতিয়া ৰেল বিভাগৰ উন্নয়ৰ স্বাৰ্থত স্মৃতি জড়িত সেই স্থান খালী কৰিব লগা হোৱাত শোকত ভাঙি পৰিছে। পোৱা ১০.৩০ বজাৰ পৰা চলিছে এই উচ্ছেদ অভিযান।

Assamnews
Comments (0)
Add Comment