কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

কামৰূপ মহানগৰ, ৪ মে’:অহা ৭ মে’ ত অনুষ্ঠিতব্য ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্তই ৫ মে’ৰ আবেলি ৫ বজাৰ পৰা ৭ মে’ৰ আবেলি ৫ বজালৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে। এই সময়ছোৱাত জিলাখনত সুৰা সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তদুপৰি সকলো ধৰণৰ সুৰাৰ পাইকাৰী আৰু খুচুৰা বিপনী, বাৰ আদি বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লেখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১ ৰ ১৩৫(গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে। উল্লেখযোগ্য যে জিলা প্ৰশাসনে অহা ৪ জুনৰ ভোটগণনাৰ দিনাখনো কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে ।

Comments (0)
Add Comment