বৰপেটাৰ ৰায়পুৰৰ বাঁহ-বেতৰ উদ্যোগ পৰিদৰ্শন কৰিলে দক্ষিণ আফ্ৰিকাৰ ঘানা ৰাষ্ট্ৰৰ চৰকাৰী প্ৰতিনিধি দলে …

দিদাৰ হুছেইন, হাউলিঃ নামনি অসমৰ বৰপেটা জিলাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ চকচকা আৰু বৰপেটা উন্নয়ন খণ্ডৰ অধীনস্থ ৰায়পুৰ,হাজীপাৰা এলেকাত গঢ়ি উঠা ক্ষুদ্ৰ বাঁহ-বেতৰ উদ্যোগ সমূহ দক্ষিণ আফ্ৰিকাৰ ৰিপাব্লিক অৱ ঘানা ৰাষ্ট্ৰৰ ছয় জনীয়া এটি প্ৰতিনিধি দলে আজি দিনৰ ১২ বজাত পৰিদৰ্শন কৰি উদ্যোগী সকলৰ অৱস্থাৰ বুজ লয়। প্ৰতিনিধি দলটিয়ে ৰায়পুৰৰ বিভিন্ন লোকৰ ঘৰত গৈ বাঁহ-বেতৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ সমূহ পৰিদৰ্শন কৰাৰ লগতে সামগ্ৰী সমূহ কেনেকৈ বনোৱা হয় সেই বোৰ প্ৰত্যক্ষ কৰি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে।

ৰিপাব্লিক অৱ ঘানা ৰাষ্ট্ৰতো বাঁহ-বেতৰ ক্ষুদ্ৰ উদ্যোগৰ কাম আৰম্ভ কৰা হব, সেই বাবে এই উদ্যোগ সমূহ পৰিদৰ্শন কৰা হল বুলি প্ৰতিনিধি দলটিয়ে সাংবাদ মাধ্যমক জানিবলৈ দিয়ে। বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দলটিক সংগ দিয়ে বৰপেটা ডিএফএ প্ৰনামিকা পাঠক,খণ্ড সমন্বয়ক ক্ৰমে ছানোৱাৰ হুছেইন, ইফতিকাৰ আহমেদ আৰু ট্ৰাইবেকৰ বিষয়া হাৰুন আহমেদ আদিয়ে। উল্লেখ্য যে বহিঃৰাষ্ট্ৰৰ প্ৰতিনিধি সকলে অসমৰ থলুৱা বাঁহ-বেতেৰে নিৰ্মাণ কৰি উলিওৱা বিভিন্ন ধৰণৰ সা-সামগ্ৰী সমুহ প্ৰত্যক্ষ কৰি আপ্লুত হোৱা পৰিলক্ষিত হোৱা দেখা যায়।

Assamnews
Comments (0)
Add Comment