বৰাক উপত্যকাত মন্ত্ৰী পীযূষ হাজৰিকা

আজি বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিন মন্ত্ৰী পীযূষ হাজৰিকাৰ। আজি শিলচৰ সমষ্টিৰ অন্তৰ্গত বদ্ৰীঘাট নামৰ স্থানত বৰাক নদীৰ পাৰত প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰীৰ ওখ আৰু সৱল কৰিবলৈ গ্ৰহণ কৰা কাৰ্যপন্থাৰ বুজ লয় মন্ত্ৰী পীযূষ হাজৰিকাই ।

ইফালে শিলচৰৰ বেথুকান্দি অঞ্চলত বৰাক নদীৰ বান আৰু খহনীয়াই বিগত বৰ্ষত বান্ধ চিঙি কাষৰীয়া অঞ্চলৰ ৰাইজক গভীৰ ভাৱে ক্ষতিগ্ৰস্ত কৰিছিল। আজি এই স্থানত নিৰ্মীয়মান মাথাউৰী আৰু শ্লুইছ গেট পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। উল্লেখযোগ্য যে যোৱা বাৰিষাত দুষ্ট চক্ৰই এই মথাউৰি কাটি দিছিল। যাৰ ফলত বানৰ কবলত পৰে শ শ লোক ।

মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে সাংসদ ডা° ৰাজদ্বীপ ৰায় , দিপ্যায়ন চক্ৰৱৰ্তী আৰু মিহিৰ কান্তি চোম , জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

newsPijush Hazarika
Comments (0)
Add Comment