মণিপুৰত পুনৰ হিংসাত্মক কাৰ্যকলাপ

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ হিংসাত্মক কাৰ্যকলাপত উত্তপ্ত পৰিস্থিতি৷ শেহতীয়াকৈ যোৱা নিশা মণিপুৰত এক হাজাৰৰো অধিক লোকে এটা কেন্দ্রীয় মন্ত্রীৰ ঘৰত আক্রমণ চলায়৷ ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিং ইম্ফলৰ ঘৰত নাছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে। ইম্ফলত সান্ধ্য আইন জাৰি হৈ থকাৰ পাছতো কংবাস্থিত মন্ত্ৰীগৰাকীৰ ঘৰত কেনেকৈ উপস্থিত হ’বলৈ সক্ষম হয় সহস্ৰাধিক জনতা ?

File Photo: Manipur Violence

ঘটনাৰ সময়ত মন্ত্ৰীগৰাকীৰ বাসগৃহত কৰ্তব্যৰত আছিল ৯ গৰাকী নিৰাপত্তাৰক্ষী এস্কৰ্ট জোৱান, ৫ গৰাকী নিৰাপত্তাৰক্ষী আৰু ৮ গৰাকী অতিৰিক্ত প্ৰহৰী। মন্ত্ৰীগৰাকীৰ ঘৰৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণৰ সময়ত উন্মত্ত জনতাই সকলো দিশৰ পৰা পেট্ৰ’ল বোমা নিক্ষেপ কৰিছিল। “আমি এই কাণ্ডটো ৰোধ কৰিব পৰা নাছিলো কাৰণ ভিৰটোৱে আৱৰি ধৰিছিল আৰু আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিলো। তেওঁলোকে সকলো দিশৰ পৰা সোমাই আহি পেট্ৰ’ল বোমা নিক্ষেপ কৰিছিল৷ বিল্ডিঙৰ পিছফালে থকা বাই লেনৰ পৰা আৰু সন্মুখৰ প্ৰৱেশদ্বাৰৰ পৰা আক্ৰমণ চলাইছিল৷ এই কথা প্ৰকাশ কৰে এছকৰ্ট কমাণ্ডাৰ এল দিনেশ্বৰ সিঙে৷
উল্লেখযোগ্য যে অনুসূচিত জনজাতিত অন্তৰ্ভুক্তিৰ দাবীক লৈ দুটা গোটৰ মাজত সংঘৰ্ষৰ সাক্ষী হৈ থকা উত্তৰ-পূব ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত ইতিমধ্যে শতাধিক লোক নিহত হৈছে৷

Manipur Violence
Comments (0)
Add Comment