আজি ৰবীন্দ্ৰ জয়ন্তী ।এছিয়া মহাদেশৰ প্ৰথম গৰাকী ”ন’বেল বঁটা ”লাভ কৰা ব্যক্তিক স্মৰণ ৷

দেশৰ প্ৰথম গৰাকী ন’বেল বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় সংগীতৰ ৰচক তথা একেধাৰে গল্পকাৰ, গীতিকাৰ, ঔপন্যাসিক, সুৰকাৰ, নাট্যকাৰ আৰু দার্শনিক লগতে সমগ্ৰ বিশ্বত কবিগুৰু নামেৰে প্ৰসিদ্ধ ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ আজি জন্মজয়ন্তী।

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এছিয়া মহাদেশৰ প্ৰথম গৰাকী ন’বেল বঁটা লাভ কৰা ব্যক্তি ৷ আমাৰ ৰাষ্ট্ৰীয় সংগীত “জন গণ মন” তেখেতেই ৰচনা কৰিছিল ৷ এইজনা মহান ব্যক্তিৰ সৃষ্টিৰাজিয়ে তেখেতক যুগ-যুগান্তৰলৈ স্মৰণীয় কৰি ৰাখিব ৷ বৰেণ্য কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ দেৱক আজি জন্ম জয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ দেশবাসীৰ ।

বাংলা সাহিত্যৰ দিকদৰ্শক প্ৰসিদ্ধ ৰবীন্দ্ৰনাথ ঠাকুৰ । শিশু কালৰ পৰাই নিজৰ প্ৰতিভাৰ পৰিচয় দি মাত্ৰ ৯ বছৰ বয়সৰ পৰাই কাব্য চৰ্চা কৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে বিশ্বৰ প্ৰথম ব্যক্তি হিচাবে দুখনকৈ দেশৰ (ভাৰত আৰু বাংলাদেশ) ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছে ৷

ৰবীন্দ্ৰনাথ ঠাকুৰ বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ ”গীতাঞ্জলি ”কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে” ন’বেল বঁটা” লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বঙালী ভাষা আৰু সংস্কৃতি সমৃদ্ধ। বিশ্বৰ বঙালীভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ। তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সংগীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সংগীত আমাৰ “সোনাৰ বাংলা” আৰু ভাৰতৰ জাতীয় সংগীত “জন গণ মন” দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বঙালী ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়।

তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। তেখেতৰ দেশপ্ৰেমমূলক তথা মননশীল সৃষ্টিসম্ভাৰে দেশবাসীক সদায়েই প্ৰভাৱিত কৰি আহিছে।”মানুহেই ঈশ্বৰ বা ঈশ্বৰেই মানুহ” বুলি ঠাকুৰদেৱে মানৱতাবাদৰ এখন সমাজ প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ দেৱৰ ১৬২ সংখ্যক জন্ম জয়ন্তীত মহান ভাৰতীয় সাহিত্য, সংস্কৃতিৰ অন্যতম ধ্বজাবাহক জনালৈ ‘দৈনিক গণ অধিকাৰৰ” পৰিয়ালে সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ ।

Assamnews
Comments (0)
Add Comment