অসম সাঁতোৰ সন্থাৰ উদ্যোগত ৩০ সংখ্যক আন্তঃ জিলা আছাম একুৱেটিক চেম্পিয়নশ্বিপ

1,213

ডিজিটেল ডেস্কঃ অসম সাঁতোৰ সন্থাৰ উদ্যোগত আজিৰেপৰা পৰা ৯ জুলাইলৈকে তিনিদিনীয়াকৈ ৩০ সংখ্যক আছাম একুৱেটিক চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। সদৌ অসম ভিত্তিত আয়োজিত আন্তঃজিলা প্ৰতিযোগিতাখনি গুৱাহাটী সৰুসজাইস্হিত ড০ জাকিৰ হুছেইন একুৱেটিক কম্পেক্সত আৰম্ভ হৈছে । পূৱা ৮ বজাত সৰ্ব ভাৰতীয় সাঁতোৰ সন্থাৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে বন্তি প্ৰজ্বলন কৰে । অসমৰ আটাইবোৰ জিলাৰ পাঁচ শতাধিক খেলুৱৈৰ উপস্থিতিত অসম সাঁতোৰ সন্থাৰ পতাকা উত্তোলন কৰে অসম সাতোঁৰ সন্থাৰ সভাপতি ৰঞ্জিত বৰগোহাঁয়ে।
এই অনুষ্ঠানত উপসভাপতি দ্বয় দেৱ হাজৰিকা, যদু গগৈ প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ।
প্ৰতিযোগিতাখনি চাব জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ শাখাত আয়োজন কৰা হৈছে । এই প্ৰতিযোগিতাত ১৪৪ ইভেণ্টত ৫২০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ লগতে ডাইভিং আৰু ৱাটাৰ প’ল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনি ফিনাৰ নিয়ম অনুসৰি পৰিচালনা কৰা হ’ব । আজি সন্ধিয়া ৭ বজাত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই প্ৰতিযোগিতাখনি আনুষ্ঠানিক শুভ উদ্বোধন কৰিব।

Leave A Reply

Your email address will not be published.