ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ উভতিল ৯৭.৭৬ শতাংশ ২০০০ টকীয়া নোট

186

- Advertisement -

ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে কয় যে বিমুদ্ৰাকৰণ কৰা ২০০০ টকীয়া নোটৰ ৯৭.৭৬ শতাংশ বেংকিং প্ৰণালীলৈ উভতি আহিছে। কেন্দ্ৰীয় বেংকটোৱে কয় যে মাত্ৰ ৭,৯৬১ কোটি টকাৰ ২০০০ টকীয়া নোট দেশবাসীৰ হাতত আছে । ভাৰতীয় ৰিজাৰ্ভ বেংকে বিবৃতিত কয় যে ১৯ মে’, ২০২৩ তাৰিখে ২০০০ টকাৰ নোট বেংকিং প্ৰণালীৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰা হৈছিল। উক্ত দিনটোৰ শেষলৈ বজাৰত প্ৰচাৰিত ২০০০ টকাৰ নোটৰ মূল্য আছিল ৩.৫৬ লাখ কোটি টকা। এতিয়া ৩০ এপ্ৰিল, ২০২৪ তাৰিখে, বজাৰত মাত্ৰ ৭,৯৬১ কোটি টকাৰ নোট আছে। সেয়েহে, ২০০০ টকাৰ নোটৰ ৯৭.৭৬ শতাংশ বেংকলৈ উভতি আহিছে। অৱশ্যে, ২০০০ টকাৰ নোট এতিয়াও বৈধ হৈ আছে। জনতাই সমগ্ৰ দেশৰ ১৯ টা আৰবিআই কাৰ্যালয়ত ২০০০ টকাৰ নোট জমা কৰিব পাৰে বা সেইবোৰ আন নোটৰ বিনিময়ত ল’ব পাৰে। ইণ্ডিয়া পোষ্টৰ জৰিয়তে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যিকোনো কাৰ্যালয়লৈ ২০০০ টোকা প্ৰেৰণ কৰিব পাৰে আৰু তেওঁলোকৰ বেংক একাউণ্টত সমতুল্য পৰিমাণ জমা কৰিব পাৰে। ২০১৬ চনৰ নৱেম্বৰত আৰবিআইয়ে ১০০০ আৰু ৫০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ পিছত ২০০০ টকাৰ নোট প্ৰৱৰ্তন কৰিছিল।

Leave A Reply

Your email address will not be published.