স্বামীৰ অনুপস্থিতিত সদায়ে যায় ঘৰলৈ, এতিয়া হেলমেটৰ আঁৰত মুখ ঢাকি গৈছে থানালৈ

162

- Advertisement -

যোৰহাট, 8 মে’ : অবৈধ সম্পৰ্কৰ জোৱাৰ আজিকালি চাৰিওফালে ৷ কি নাৰী, কি পুৰুষ – সকলো সমান ৷ ক্ৰমাৎ যেন বাঢ়ি আহিছে এই ধৰণৰ খবৰ ৷ ইজনে সিজনৰ পৰা আঁতৰি যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে আজিকালি মানুহৰ মাজত ৷ কলিযুগত ফোনটোৱে যেন কলি তেনে ভাব হয় কেতিয়াবা ৷ সামাজিক মাধ্যম সহজলভ্য হোৱাৰ লগতে ইয়াৰ বহুল প্ৰচাৰে সমাজত বহুতো ঋণাত্মক প্ৰভাৱ পেলাইছে ৷
মানুহৰ মাজত আত্মীয়তাৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে ৷ স্বামীক বিচাৰি পত্নীয়ে হাহাকাৰ কৰা, পত্নীক বিচাৰি স্বামী পুলিচ থানালৈ যোৱা এই ধৰণৰ খবৰেৰেই ভৰি থাকে দিনটো ৷ শেহতীয়াকৈ তেনে এটা খবৰে চৰ্চালৈ আনিছে এখন বিদ্যালয় ৷
যোৰহাটৰ ৩০৬ নং মনাইমাজি প্ৰাথমিক বিদ্যালয়, শ্ৰেণী কোঠাৰ পাঠদান চলি থকাৰ সময়তে হঠাৎ বিদ্যালয়খনৰ বাহিৰত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিদ্যালয়খনৰ এজন শিক্ষকক বিচাৰি এজন লোকে সৃষ্টি কৰিছে হুলস্থূলীয়া পৰিৱেশৰ । উক্ত বিদ্যালয়খনৰ বিশ্বজিৎ দাস নামৰ শিক্ষকজনৰ বিৰুদ্ধে বিদ্যালয়ৰ সমীপৱৰ্তী এখন গাঁৱৰ এজন ব্যক্তিয়ে উত্থাপন কৰিছে অভিযোগ ।
ব্যক্তিজনৰ মতে ব্যক্তিজন ঘৰত নথকাৰ সুযোগ লৈ তেওঁৰ পত্নীৰ সৈতে অবৈধ কু-কৰ্মত লিপ্ত থাকে বিশ্বজিৎ দাস নামৰ শিক্ষকজন। দীৰ্ঘদিন ধৰি শিক্ষকজনে পৰকীয়া প্ৰেম চলাই নিছিল স্থানীয় মহিলাগৰাকীৰ সৈতে । কিন্তু হঠাৎ এদিন ঘটি গ’ল নঘটিবলগীয়া এটা কাণ্ড । অ-সংযত অৱস্থাত স্থানীয় এগৰাকী মহিলাৰ দৃষ্টিত পৰিল পৰকীয়া প্ৰেমত লিপ্ত শিক্ষকসহ মহিলাগৰাকী ।
খবৰ পালে স্বামীয়ে । খঙত অগ্নিশৰ্মা হৈ স্বামীয়ে বিশ্বজিৎ দাসক বিচাৰি উপস্থিত হয় বিদ্যালয়ত । সৃষ্টি হ’ল হুলস্থূলীয়া পৰিৱেশৰ । ভুক্তভোগী স্বামীৰ সৈতে স্থানীয় আৰু বহু ৰাইজ উপস্থিত হয় বিদ্যালয়খনত ৷ সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত স্বামী আৰু শাহুৱেকে জানিবলৈ দিয়ে যে তেওঁৰ পূৰ্বেও আন কাৰোবাৰ সৈতে অবৈধ সম্পৰ্ক আছিল ৷ স্বামী আৰু আন ৰাইজৰ উপস্থিতিত আৰক্ষী উপস্থিত হৈ বিদ্যালয়ৰ পৰা থানালৈ বুলি লৈ গ’ল বিশ্বজিৎ দাসক ।

Leave A Reply

Your email address will not be published.