
ৰাহুল গান্ধীৰ জীৱনলৈ আহিছে ভাবুকি
ৱেবডেস্ক: লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে তেওঁৰ জীৱনলৈ ভাবুকি আহি পৰাৰ এক বিস্ফোৰক দাবী উত্থাপন কৰিছে। আজি আদালতত ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ জীৱনলৈ বিপদ আহি পৰিছে।
সাৱৰকাৰ মানহানিৰ গোচৰৰ শুনানিৰ সময়ত ৰাহুলৰ অধিবক্তা মিলিন্দ পাৱাৰে আদালতক লিখিত জাননী দি কয় যে ভোট চুৰি ঘটনা উদঙাই দিয়াৰ পিছত ৰাহুল গান্ধীৰ জীৱনলৈ বিপদ বৃদ্ধি পাইছে। বাহুলৰ অধিবক্তাই এমপি/ এম এল এ বিশেষ আদালতত আবেদন জনাইছে- যিসকলে মোৰ বিৰুদ্ধে মানহানিৰ অভিযোগ দিছে তেওঁলোক নাথুৰাম গড়ছেৰ বংশধৰ।
গোচৰৰ ন্যায্য শুনানিৰ বাবে মোক প্রতিবোধমূলক সুৰক্ষা দিয়া উচিত। এয়া ৰাজ্যৰ সাংবিধানিক দায়িত্ব। ১০ ছেপ্টেম্বৰত হ’ব এই গোচৰ পৰৱর্তী শুনানি। মিলিন্দই কয় যে বিজেপি নেতা আব এন বিটুৱে বাহুলক সন্ত্রাসবাদী বুলি অভিহিত কৰাৰ বিপৰীতে বিজেপি নেতা তাৰবিন্দৰ মাৰৱাহে মুকলি ভাবুকি দিছিল যে যদি বাহুলে সঠিক আচরণ নকবে, তেন্তে তেওঁ আইতাকৰ দবে ভাগ্যব সম্মুখীন হ’ব পাবে। সারক্কার গোচব্ব অভিযোগকাৰী সাত্যকি সারবকাৰ আৰু গড়ছে পৰিয়ালৰ সৈতে সম্পর্কীয়। তেওঁ নিজৰ প্রভাৱৰ অপব্যৱহাৰ কৰিব পাবে।