
এনচিইআৰটিৰ পাঠ্যপুথিত বিকৃত আহোমৰ ইতিহাস, শুধৰণিৰ আহ্বান গৌৰৱ গগৈৰ
ৱেবডেস্ক: এনচিইআৰটিৰ সংশোধিত অষ্টম শ্রেণীৰ ইতিহাসৰ পাঠ্যপুথিত আহোম সাম্রাজ্য সন্দর্ভত বিকৃত তথ্য প্ৰকাশৰ অভিযোগ। এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে যোৰহাট লোকসভা সমষ্টিব সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। ইয়াক ‘উল্লেখযোগ্য ঐতিহাসিক অশুদ্ধতা’ বুলি অভিহিত কৰি গগৈয়ে অতিশীঘ্রেই এই তথ্যৰ শুধৰণি কৰিবলৈ আহ্বান জনাইছে কেন্দ্রক।
কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানলৈ লিখা এখন পত্রত গগৈয়ে ‘Tribes, No- mads and Settled Communities’ শীর্ষক অধ্যায়টোত বাস্তবিক ভুল আৰু অতি সৰলীকৰণৰ উল্লেখ কৰে, যাৰ বাবে অসমৰ ইতিহাসৰ বিষয়ে ছাত্র-ছাত্রীয়ে ভুল বুজাৰ আশংকা আছে বুলিও তেওঁ কয়। উপস্থাপন কৰা তথ্যবোৰৰ ভিতৰত আহোমসকলৰ উৎপত্তিৰ ভুল বর্ণনা, পাইক প্ৰথাৰ ভুল চৰিত্ৰায়ণ, ১৬৬৩ চনৰ ঘিলাঝাৰিঘাট সন্ধিৰ ভুল ব্যাখ্যা, সামাজিক-ৰাজনৈতিক সংহতিৰ অতি সৰলীকৰণ, মূল সাংস্কৃতিক আৰু প্ৰশাসনিক অবদান বাদ দিয়া আদিও আছে।
গগৈয়ে জোৰ দি কয় যে এনে অশুদ্ধতাই আহোমৰ ঐতিহাসিক উত্তৰাধিকাৰক ভেঙুচালি কৰে আৰু অসমৰ সাংস্কৃতিক ঐতিহাক লৈ ভুল ধাৰণা স্থায়ী কৰি ৰাখে। তেওঁ অসমৰ বিষয় বিশেষজ্ঞৰ সৈতে অধ্যায়টো শীঘ্ৰে পুনৰীক্ষণ কৰাৰ লগতে সুষম, প্রামাণিক ঐতিহাসিক তথ্যসমূহ ৰাষ্ট্রীয় পাঠ্যক্রমত অন্তর্ভুক্ত কৰাৰ আহ্বান জনায়।