
গেলেকীত নিশা চোৰাং গৰুভৰ্তী বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত
ৱেব ডেস্ক:গেলেকীত যোৱা নিশা চোৰাং গৰুভৰ্তী বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত । দূঘটানাগ্ৰস্থ বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৫ টাকৈ গৰু । জানিব পৰা মতে ,বিশেষ সূত্ৰৰ পম খেদি যোৱা নিশা গেলেকীৰ আৰক্ষীয়ে আঠখেলৰ সমীপত গৰুৰ চোৰৰ সন্ধানত এক পহৰা দিয়ে ঠিক সেই সময়তে দুখনকৈ সন্দেহজনক বাহন লক্ষ্য কৰে গেলেকীৰ আৰক্ষীয়ে ।
সন্দেহজনক বাহন দুখনক আৰক্ষীয়ে ৰখাবলৈ সংকেত দিয়ে যদিও বাহন দুখন নৰখাই পলায়ন কৰে । গেলেকী আৰক্ষীয়েও বাহন দুখনৰ পিছ লোৱাত গেলেকীৰ কলগাঁওত এখন বাহনে পথত থকা দুটাকৈ ঘোঁৰাক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই এঘৰ লোকৰ পকী দেৱালত খুন্দা মাৰে ।
ফলত থিতাতে নিহত হয় এটা ঘোঁৰা আৰু অন্যহাতে গুৰুত্বৰভাৱে আহত হয় আন এটা ঘোঁৰা । দুৰ্ঘটনা সংঘটিত কৰি সেই ঠাইৰ পৰা পলায়ন কৰে বাহনত থকা চালক সহ অন্য এজন লোক । পৰৱৰ্তী সময়ত আৰক্ষী আৰু স্থানীয় লোকে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা ৫ টাকৈ গৰু উদ্ধাৰ কৰে । আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন সহ গৰু কেইটা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে