
ৰঙিয়াত গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিলে লম্পট ৰূপী শিক্ষকে
ৱেব ডেস্ক: ৰাজ্যত পুনৰ শিক্ষক সমাজক লজ্যাগত কৰা ঘটনা।এইবাৰ ঘটনাৰ স্থান ৰঙিয়া।গুৰু-শিষ্যৰ সম্পর্কত এইবাৰ কালিমা সানিলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰূপী দানৱে। অভিযোগ অনুসৰি নিজ বিদ্যালয়ৰে ছাত্ৰীৰ সৈতে ঘৃণনীয় কাণ্ড কৰিলে ইংৰাজীৰ শিক্ষক ৰূপী দানৱ ৰফিকুল হুছেইনে।
১৩ বছৰীয়া কিশোৰী এগৰাকীক যৌন উৎপীড়ন মানৱৰূপী দানৱ শিক্ষক ৰফিকুল হুছেইনৰ । ন্যায় বিচাৰি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষৰ ওচৰত অভিযোগ আৰু ৰঙিয়া আৰক্ষী থানাত এজাহাৰ শিক্ষক ৰফিকুল হুছেইনৰ বিৰুদ্ধে । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শিক্ষক ৰফিকুল হুছেইনৰ সন্ধানত নামি পৰিছে । কিন্তু আৰক্ষীৰ উমান পাই পলাতক অভিযুক্ত শিক্ষক ৰফিকুল হুছেইন । এই জঘন্য ঘটনাই শিক্ষকৰূপী দানৱ ৰফিকুল হুছেইনৰ পূৰ্বৰ কাৰ্যকলাপকো পোহৰলৈ আনিছে।
অভিযোগ উত্থাপিত হৈছে শিক্ষক ৰফিকুল হুছেইনে দশক দশক ধৰি বিদ্যালয়খনৰ বহু ছাত্ৰীক নিৰ্যাতন চলাই আহিছিল। কিন্তু লাজ, অপমান আৰু ভয়ৰ বাবে নিৰ্যাতিতাসকলে মুখ খোলা নাছিল আজিলৈ । এইবাৰৰ ঘটনাই সেই নিৰৱতাক ভংগ কৰাৰ লগতেসমাজত এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে আবেলি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা এখন ফাৰ্মাছীৰ পৰা মেডিচিন ক্ৰয় কৰিবলৈ গৈছিল ছাত্ৰীগৰাকী । ফাৰ্মাছীখনৰ ভিতৰত পূৰ্বৰে পৰা খাপপিটি থকা শিক্ষকৰূপী দানৱ ৰফিকুল হুছেইনে ছাত্ৰী গৰাকীক দেখাৰ লগে লগে ফাৰ্মাছীৰ ভিতৰলৈ মাতি নিয়ে । তাৰ পিছত ১৩ বছৰীয়া ছাত্ৰীগৰাকীক যৌন উৎপীড়ন চলায় । কিশোৰীগৰাকীয়ে শিক্ষকৰূপী লম্পটৰ যৌন নিৰ্যাতন সহিব নোৱাৰি কান্দি কান্দি দৌৰি পলায়ন কৰে ।
এই সমস্ত অভিযোগ ইতিমধ্যে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষক দিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই লম্বট ৰূপী দানৱ ৰফিকুল হুছেইনৰ বিৰুদ্ধে। যাৰবাবে ভূক্তভোগী পৰিয়ালটোৱে ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰক্ষীয়ে গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰি লম্পট শিক্ষকৰ সন্ধানত ইতিমধ্যেই চলাইছে অভিযান।
ৰঙিয়া এছবিআই ৰঙিয়া শাখাৰ পিছফালৰ অভিযুক্ত শিক্ষকৰ ঘৰত অভিযান চলাই যদিও আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে শিক্ষক ৰূপী দানৱ ৰফিকুল হুছেইনে । আৰক্ষীৰ দলে ইতিমধ্যেই শিক্ষক ৰফিকুল হুছেইনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।গতিকে প্ৰশ্ন হয় যিটো সময়ত শিক্ষকক ভগৱান তথা গুৰু হিচাপে মনা যায় সেই সময়তে এনেধৰণৰ মানসিকতাৰ শিক্ষকৰ বাবে বিভিন্ন সময়ত বদনামী হৈ আহিছে শিক্ষক সমাজ।এয়া প্ৰথম ঘটনা নহয় ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এনেধৰণৰ দানৱ ৰূপী শিক্ষকৰ যৌন উৎপীৰণৰ ঘটনা যাৰ বাবে চিন্তিত হৈ পৰিছে অভিভাৱক সকল। গতিকে গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সনা এইসকল লম্বটৰূপী শিক্ষকৰ ওপৰত নাকি লগাব কোনে ই এক ডাঙৰ প্ৰশ্ন।