
পদপথৰ কুকুৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ
ৱেব ডেস্ক: পদপথৰ কুকুৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ। গৰাকীবিহীন কুকুৰ সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ জাননী প্ৰেৰণ কৰিছে । আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা সকলো কুকুৰক মুকলি কৰি দিয়া হ’ব। বন্ধ্যাকৰণ আৰু টিকাকৰণৰ পিছত কুকুৰ সমূহ এৰি দিয়াৰ নিৰ্দেশ দিছে আদালতে।উল্লেখযোগ্য যে, ন্যায়ালয়ৰ সিদ্ধান্ত অমান্য কৰি যিকোনো স্থানত কুকুৰক খাদ্য যোগান ধৰা সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদালতে জানিবলৈ দিয়ে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে তিনিজন ন্যায়াধীশৰ বিশেষ বিচাৰপীঠে, য’ত আছে ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়া ।