
'বাংলাদেশীৰ পক্ষ আমছুৱে কেতিয়াও লোৱা নাই,বাংলাদেশীৰ পক্ষ লৈছে বিজেপি চৰকাৰে'
ৱেব ডেস্ক: ‘১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা লোকসকলক বাংলাদেশী বুলি ক’লে আমছুৱে এশবাৰ নহয় লাখ বাৰ মাত মাতিব। কিন্তু ২৫ মাৰ্চৰ পিছত অহা কোনো এজনক যদি দেখুৱাই দিয়ে তেন্তে চৰকাৰ নহয় আমছুৱে নিজে তেখেতসকলক বাংলাদেশলৈ পঠিয়াই দিব। বাংলাদেশৰ প্ৰতি যদি প্ৰিতি আছে তেন্তে এইখন চৰকাৰৰে আছে, মুখ্যমন্ত্ৰীৰ চৰকাৰৰ আছে কিন্তু আমছুৰ নাই। বাংলাদেশৰ লগত অসমৰ মুছলমানৰ কোনো সম্পৰ্ক নাই, সম্পৰ্ক আছে যদি ৰাজ্যৰ বিজেপি চৰকাৰৰ আছে, কেন্দ্ৰৰ চৰকাৰৰ আছে। সম্পৰ্ক আছে বাবে কাৰ জৰিয়তে বাংলাদেশীক সংস্থাপিত কৰিব বিছাৰিছে।’চাপৰৰ চৰুৱাবাখৰা সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীৰ খবৰ লবলৈ আহি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনফালে SIR সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমত SIR ৰ কোনো প্ৰয়োজন নাই।