
বৰক্ষেত্ৰীৰ দৌলাশালত ন-জনকৈ চাইবাৰ অপৰাধীক আটক
ৱেব ডেস্ক: কাপলাবড়ী পাৰঘাটত আৰক্ষীয়ে চলোৱা অভিযানত বিভিন্ন প্ৰান্তৰ পৰা আটক কৰে ন-জনকৈ লোকক। নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ বৃহৎ সফলতা। মুকালমুৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা অভিযানত ৯ জনকৈ চাইবাৰ অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
ধৃত লোককেইজন হৈছে নলবাৰী জিলাৰ কুৰিহামাৰী গাঁও নিবাসী ইয়াদ আলীৰ পুত্ৰ জলিল আলী আহমেদ (২৫), কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত গাঁওবুৰাপাম গাঁও নিবাসী ৰফিক আলী (২১), কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত গাওঁবুৰাপাম গাঁও নিবাসী জৈনউদ্দিন আলীৰ পুত্ৰ বাহাৰুল ইছলাম (২৭), কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত আন্দুপাৰা গাওঁ নিবাসী সবৰ আলীৰ পুত্ৰ চান্দ মহম্মদ আলী (২৪), নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ২নং কেকানকুছি গাঁও নিবাসী স্বৰ্গীয় ফিদ্দুচ আলীৰ পুত্ৰ আব্দুল কালাম (৩৩), কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত গাওঁবুৰাপাম গাঁও নিবাসী ফজৰ আলীৰ পুত্ৰ মুস্তাফা আলী (২৫), কুৰিহামাৰী গাঁও নিবাসী পিয়াৰ আলীৰ পুত্ৰ ফৰিদ আলী (২৫ ), নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কচুৱাপথাৰ গাঁও নিবাসী আজিবৰ আলীৰ পুত্ৰ বাবৰ আলী (২১), বৰপেটাৰ জনিয়াৰ নুৰ ইছলামৰ পুত্ৰ জাহিদুল ইছলাম বুলি জানিব পৰা গৈছে।
আটকাধীন আটাইকেইজন লোক চাইবাৰ অপৰাধৰ লগত জৰিত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। মুকালমুৱা আৰক্ষীয়ে ২১১/২৫ আৰু ২১২/২৫ নম্বৰত গোচৰ ৰুজু কৰি আটাইকেইজনক আজি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ দাঁতিৰ কাপলাবড়ী পাৰঘাটত দৌলাশাল আৰক্ষীয়ে চলোৱা অভিযানত ৯ টাকৈ মোবাইল ফোনৰ লগতে ১০০ টাকৈ পেজ সমৃদ্ধ এটা চেকবুক উদ্ধাৰ কৰিবলৈও সক্ষম হয় আৰক্ষীয়ে।