
'অৱৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী মুছলমানৰ ৰক্ষা কৱ্চ হৈছে আমছু আৰু এবিএমছু'
বৃহস্পতিবাৰ,১৬/০৭/২০২৫: ‘অৱৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী মুছলমানৰ ৰক্ষা কৱ্চ হৈছে আমছু আৰু এবিএমছু’
‘এই দুটা সংগঠনে সমগ্ৰ অসম খনক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে’
‘ইছলামিক জেহাদী মৌলবাদী শক্তিক ইন্ধন যোগান ধৰি আছে’
‘তেওঁলোকে ইছলামিক জেহাদী নিৰ্মাণ কৰি আছে’
ৰাষ্ট্ৰীয় বজৰংগ দলে অসম চৰকাৰক দাবী জনাইছে আমছু আৰু এবিএমছুৰ দৰে সংগঠন নিষিদ্ধ ঘোষনা কৰিব লাগে। গোৱালপাৰাত উচ্ছেদিত লোকৰ মাজত আৰু আৰক্ষীৰ মাজত হতাততি সৃষ্টি হোৱাৰ ঘটনাক লৈ ৰঙিয়া প্ৰেছ ক্লাৱত সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰাজ্যিক সভাপতি দিনেশ কলিতাই।
জাতি-মাটি আৰু ভেটিৰ স্বাৰ্থত যি উচ্ছেদ চলিছে চলিবলৈ দিয়ক ইয়াত কোনেও বাধা প্ৰদান নকৰিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে। এই উচ্ছেদ অভিযানক সম্পূৰ্ণ সমৰ্থন কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰাষ্ট্ৰীয় বজৰংগ দলে।