
নামনিৰ পিছত এইবাৰ উজনিৰ বাবে সাজু হৈছে বুলড 'জাৰ
ৱেবডেস্ক:গোলাঘাট জিলাৰ অন্তৰ্গত নাগালেণ্ড সীমান্তত থকা উৰিয়ামঘাটত বৃহৎ আকাৰত উচ্ছেদ চলাবলৈ সাজু হৈছে প্রশাসন। যিকোনো মুহূর্ততেই চলাব উচ্ছেদ। ইতিমধ্যে শতাধিক বুলড’জাৰ সাজু কৰি ৰখা হৈছে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই একপ্ৰকাৰ উৰিয়ামঘাটত বৃদ্ধি পাইছে সমৰসজ্জা। উৰিয়ামঘাটৰ বনাঞ্চলত উচ্ছেদ চলাবলৈ এতিয়া যুদ্ধংদেহি পৰিস্থিতি দেখা গৈছে। অপ্রীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ প্রতি লক্ষ্য ৰাখি নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। উল্লেখ্য যে সৰপথাৰ সমষ্টিৰ উৰিয়ামঘাট সীমান্তৰ প্রায় ৩০খন গাঁৱত উচ্ছেদ চলাৰ বাবে জৰীপ প্রক্রিয়া সম্পূর্ণ কৰিছে। বিগত চাৰি দিন উৰিয়ামঘাটত উচ্ছেদ চলাবলৈ সাজু বুলড’জাৰ ধৰি চলোৱা জৰীপ সম্পূর্ণ হৈছে। মন কৰিবলগীয়া যে নগাঁও, ধিং, মৈৰাবাৰী, ৰূপহী, লাহৰীঘাট আদি অঞ্চলৰ বহু লোক কর্মসূত্রে গৈ উৰিয়ামঘাটত বসবাস কৰিবলৈ লৈছিল। উৰিয়ামঘাটৰ বনাঞ্চল দখল কৰি সেই লোকসকলে তামোল-পাণৰ বিশাল বাৰী পাতিছিল।
ইতিমধ্যে বিঘাই বিঘাই তামোলবাৰীৰ ভিডিঅ’ মুখ্যমন্ত্রীয়ে সংবাদমেলৰ জৰিয়তে বাজহুৱা কৰিছে। প্রায় তিনি হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাবলৈ ইতিমধ্যে সম্পূর্ণ সাজু প্রশাসন। উৰিয়ামঘাটত এতিয়া উচ্ছেদৰ আতংকই সকলোকে খেদি ফুৰিছে। উচ্ছেদক লৈ জিলা প্রশাসনৰ এই যুদ্ধদেহি সমবসজ্জাক কেন্দ্র কবি উক্ত অঞ্চলত বসবাস কৰা লোকসকলে এতিয়া আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে। যিকোনো স্বাৰ্থৰ বিনিময়ত উৰিয়ামঘাট খালী কৰিব বুলি মুখ্যমন্ত্রীয়ে হুংকাৰ প্রদান কৰিছে। ইতিমধ্যে পাইকান, হাছিলাবিল আৰু চাপৰত বৃহৎ উচেছদ অভিযান চলোৱাৰ পিছত হাজাৰ হাজাৰ লোক গৃহহীন হৈছে।
নিজৰ সপোনৰ ঘৰখন হেৰুৱাই এতিয়া দিক্-বিদিক্ হেৰুৱাই পেলাইছে সকলোৱে। পাইকানত এইউচ্ছেদক কেন্দ্র কৰি যোৱা দুদিন ধৰি এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ গুলীত এজন লোকে প্রাণ হেৰুৱাবলগীয়া হৈছিল। আনকি সর্বস্বান্ত পৰিয়ালৰ মুৰব্বীয়ে আত্মহননৰ পথ বাছিল’বলৈ বাধ্য হৈছিল। নামনি অসমত কেইবাটাও বৃহৎ অঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পিছত এইবাৰ উবিয়ামঘাটত উচ্ছেদ চলাবলৈ সাজু কৰি তোলা হৈছে বুলড ‘জাৰ। যিকোনো সময়তেই চলিব বুলড ‘জাৰ। লাহৰীঘাট, ধিং, নগাঁৱৰ বহু লোক ২০-২৫ বছৰ পূৰ্বে কৰ্মৰ সন্ধানলৈ গৈ উবিয়ামঘাটব উক্ত অঞ্চলত বসবাস কৰিবলৈ লৈছিল। এতিয়া এই লোকসকল উচ্ছেদৰ বলি হ’ব। ইপিনে উৰিয়ামঘাটৰ এই উচ্ছেদৰ পূৰ্বে সৰুপথাৰ সমজিলাৰ আয়ুক্ত চৈয়দ বাছবীৰ ছুভানীক বদলি কৰা হৈছে আৰু শদিয়া সমজিলাৰ আয়ুক্ত মানসজ্যোতি নাথক সকপথাৰ সমজিলাৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে