
উমৰাহ হজ সম্পূৰ্ণ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্রাণ গ'ল আজাবুদ্দিন সেখৰ
ৱেব ডেস্ক: ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বহলপুৰ নাথপাৰাত আজি পুৱা ৫ মান বজাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুর্ঘটনাতএজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। পুৱা চাপৰ থানাৰ অন্তৰ্গত বহলপুৰ নাথপাৰাৰ জগন্নাথ মন্দিৰৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাপৰৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা এখন ইটাভর্তি AS17 B3964 নম্বৰৰ বলেৰো বাহনখনৰ লগত গুৱাহাটীৰ পৰা বিলাসীপাৰাৰ ৰাণীগঞ্জ অভিমুখে আহি থকা AS17 J1817 নম্বৰৰ ইয়ন বাহনখনৰ মাজত মুখামুখি সংঘর্ষ হয়। ফলত ইয়নখনত থকা সাপটগ্রাম থানাৰ অন্তৰ্গত ৰাণীগঞ্জ মামুদপুৰ নিবাসী সুধাৰু সেখৰ পুত্ৰ আজাবুদ্দিন সেখ (৫৫), আকিনুৰ ইছলাম (৩৬), মকবুল হুছেইন (৩৪) আৰু খাইৰুল ইছলাম (৩০ গুৰুতৰভাৱে আহত হয়।
ইপিনে বলেৰোখাত থকা গাড়ীচালকসহ আটাইকেইজন লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি অভিযোগ পোৱা গৈছে। ঘটনাৰ পিছতে বহলপুৰ নাথপাৰাৰ স্থানীয় বাইজ আৰু চাপৰ যান-বাহন শাখাৰ আৰক্ষী দুর্ঘটনাস্থলীত উপস্থিত হৈ আহত লোককেইজনক মৃত্যুঞ্জয় সেবা এম্বুলেন্সেবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে। ইপিনে চাৰিজন লোকৰ ভিতৰত ঔমৰাহ হজ সম্পন্ন কৰি অহা আজাবুদ্দিন সেখ নামৰ লোকজনৰ বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। জানিব পৰা মতে বাণীগঞ্জ মামুদপুৰ নিবাসী আজাবুদ্দিন সেখে উমবাহ হজ সম্পন্ন কৰাৰ উদ্দেশ্যে মক্কালৈ গৈছিল।
উমবাহ হজ সম্পন্ন কৰি আজি পুৱা গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হৈছিল আৰু তেওঁক ঘৰলৈ আনিবলৈ দুই জোঁৱায়েক ক্রমে আকিনূৰ ইছলাম আৰু মকবুল হুছেইন বিমানবন্দৰলৈ গৈছিল। শহুৱেকক আগবঢ়াই আনিবলৈ যোৱা ইয়ন বাহনখনেৰে গৃহাভিমুখে আহি থাকোঁতে আধাবটিতে সংঘটিত হোৱা পথ দুর্ঘটনাত কৰণ মৃত্যুক আঁকোৱালি ল’লে আজাবুদ্দিন সেখে। হাজী আজাবুদ্দিন সেখৰ মৃত্যুত ৰাণীগঞ্জ অঞ্চলত আজি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।