
নির্বাচন আয়োগৰ কেলেংকাৰী তথ্যসহকাৰে প্ৰমাণ দিয়াৰ হুংকাৰ ৰাহুল গান্ধীৰ
ৱেব ডেস্ক: ২০২৪ ৰলোকসভা নিৰ্বাচনৰ সময়ছোৱাত ১০০টা সমষ্টিত বেগিঙৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি বাহুল গান্ধীয়ে। নির্বাচন আয়োগৰ বিৰুদ্ধে ১০ দিনৰ ভিতৰত তৃতীয়টো গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতত এতিয়া নির্বাচনী ব্যবস্থা মৃতপ্রায়। নির্বাচন আয়োগক হাতিয়াৰ হিচাপে লৈ শাসক দলে ‘২৪ৰ নিৰ্বাচনত জয়লাভ কৰিছিল।
নির্বাচন আয়োগে যোৱা লোকসভা নির্বাচনত কেনে ধৰণেৰে ৰেগিং আৰম্ভ কৰিছিল, তাৰ সমগ্র তথ্য ফাদিল কৰা হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হাতত ২৪ৰ লোকসভা সংখ্যাগৰিষ্ঠতা নাই। ইয়াৰে যদি ১০-১৫খন আসনত নির্বাচন আয়োগে ৰেগিং নকৰিলেহেঁতেন, নৰেন্দ্র মোদী কেতিয়াও তৃতীয়বাৰলৈ প্রধান মন্ত্রী নহ’লহেঁতেন। দিল্লীৰ বিজ্ঞান ভবনত আয়োজিত এনুবেল লিগেল কনক্লেভ- ২০২৫ৰ সভাত অংশ লৈ এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে।
তেওঁ কয় যে যোৱা লোকসভা নির্বাচনত বৃহৎ হাৰত ৰেগিঙৰ ঘটনা সংঘটিত হৈছিল। এশটা সমষ্টিত এনে ৰেগিং সংঘটিত হৈছিল। অহা কেইদিনমানৰ ভিতৰতে ইয়াক ফাদিল কৰা হ’ব, কেনেধৰণে ৰেগিং কৰা হৈছিল, তাৰ সমগ্র তথ্য দেশবাসীৰ আগত দাঙি ধৰা হ’ব। মহাৰাষ্ট্ৰৰ নিৰ্বাচনত যি ঘটনা সংঘটিত হ’ল তাৰ পিছৰে পৰা নিৰ্বাচন আয়োগৰ ওপৰত মোৰ সন্দেহ অধিক ঘনীভূত হ’ল। বিষয়টো গুৰুত্বসহকাৰে লোৱা হ’ল। তাৰ সমগ্র তথ্য মোৰ লগত আছে। তথ্য অবিহনে মই কোনো কথা কোৱা নাই। তথ্যসহকাৰে দেশবাসীৰ আগত দাঙি ধৰা হ’ব যে নির্বাচন আয়োগে এতিয়া স্বতন্ত্র সংস্থাৰূপে কাম কৰি থকা নাই, যিধৰণে নির্বাচন আয়োগে কাম কৰিব লাগিছিল, সেই ধৰণে কাম কৰাৰ পৰা বিৰত আছে। তেওঁলোক এতিয়া ভোট চুৰি কার্যত লিপ্ত হৈছে বুলি অভিযোগ কৰে ৰাহুল গান্ধীয়ে।