
জামুগুৰিহাটত লাখ টকাৰ লগতে চুৰে লৈ গ'ল বন্দুকৰ গুলী
জামুগুৰিহাট: জামুগুৰিহাটৰ পাতলৰচকু গাঁৱত সংঘটিত হল চুৰিকাণ্ডৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গাঁওখনৰ নিৰজ বৰা নামৰ ব্যক্তিজনৰ ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰা চোৰে গডৰেজৰ লক খুলি লুটি নিলে নগদ একলাখ টকাৰ লগতে সোঁণৰ আ-অলংকাৰ।
চোৰে ব্যক্তিজনৰ অনুজ্ঞাপত্ৰ থকা বন্দুকৰ গুলীও চুৰি কৰি নিয়ে। কালি পুৱাই পৰিয়ালসহ নাৰায়ণপুৰলৈ যোৱা নিৰজ বৰাই ঘৰলৈ ঘুৰি আহি থকাৰ সময়ত নিশাৰ ভাগতহে ঘৰত চুৰি হোৱা ঘটনাৰ বিষয়ে জানিব পাৰে। ইতিমধ্যে চুৰিকাণ্ড সংঘটিত হোৱা নিৰজ বৰাৰ ঘৰত নিশা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।