
অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত উদ্ধাৰ অত্যাধুনিক মাৰণাস্ত্ৰ
ৱেবডেস্ক: অসম-নাগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ পুৰণা লাহৰিজানত উদ্ধাৰ অত্যাধুনিক মাৰণাস্ত্ৰ।পুৰণা লাহৰিজানৰ কানিয়া টকবি গাওঁত উদ্ধাৰ এই অত্যাধুনিক মাৰণাস্ত্ৰ।
স্বাধীনতা দিৱসলৈ কেইটামান দিন বাকী থকা সময়তেই কানীয়া টকবি গাঁওৰ ৰাইজে এই মৰাণাস্ত্ৰ পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে। তাৰপাছতে গাঁৱৰ ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত পুৰণা লাহৰিজান আৰক্ষী উপস্থিত হৈ পৰিত্যক্ত অৱস্থাত এটা AK 56 বন্দুক, এটা মেগজিনসহ, 6 জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীযে মাৰণাস্ত্ৰটো কানীয়া টকবি গাওঁত কোনে এনেদৰে পেলাই থৈ গল তাৰ বিষয়ে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ।