
শৃংখল চলিহা-চিতু বৰুৱাৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ
ৱেবডেস্ক: শৃংখল চলিহা আৰু চিতু বৰৱাৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি ফকৰল ইছলামে। শেহতীয়াকৈ উজনি অসমৰ শিৱসাগৰত মিঞা খেদাৰ নামত একাংশ নিৰীহ সংখ্যালঘু শ্ৰমিকৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ কৰিছে সংগঠনটোৱে।
লগতে সংগঠনটোৱে অভিযোগ কৰিছে যে উজনি অসমত একাংশ শ্রমিকক উদ্দেশ্যপ্রণোদিতভাৱে বীৰ লাচিত সেনাৰ সভাপতি শৃংখল চলিহা আৰু জাতীয় সংগ্রাম সেনাৰ সভাপতি চিতু বৰুৱাৰ নেতৃত্বত একাংশ উদণ্ড আৰু সাম্প্রদায়িক নেতাই বিভিন্ন ধৰণে অত্যাচাৰ চলাইছে।
এজাহাৰ দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ অন্যতম নেতা ক্রমে আবু বক্কৰ ছিন্দিক আৰু মোচাব্বিৰ আহমেদে কয় যে আৰক্ষী প্রশাসন থকা সত্ত্বেও উজনি অসমত শেহতীয়াকৈ উল্লিখিত তথাকথিত জাতীয় সংগঠনৰ নেতাসকলে কামৰ সন্ধানত যোৱা সংখ্যালঘু লোকসকলৰ ওপৰত দিনদুপৰতে হাৰাশাস্তি কৰি আছে। আনকি তেওঁলোকে বিভিন্ন ধৰণে ভয়-ভাবুকিও প্রদান কৰি আছে। এই শ্রমিকসকল অসমৰেই সন্তান আৰু তেওঁলোকৰ ওপৰত চলোৱা এনে অত্যাচাৰ অমানৱীয় আৰু সংবিধানবিৰোধী বুলিও দাবী কৰিছে সংখ্যালঘু সংগ্রাম পৰিষদৰ নেতৃত্বই।