
গোৰেশ্বৰত AJYCPৰ চৰকাৰৰ বিৰুদ্ধেউত্তাল প্ৰতিবাদ
ৱেবডেস্ক :গোৰেশ্বৰত AJYCPৰ উত্তাল প্ৰতিবাদ। অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দ্দেশৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ AJYCPৰ তামুলপুৰ জিলা সমিতিৰ উপদেষ্টা ৱাহেদুৰ ৰহমানৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ বন্ধ কৰিবলৈ চৰকাৰক সকিয়াই দিয়ে ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, “কা” আমি নামানো, অসম চুক্তি প্ৰযোজ্য কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।