
ৰঙাপৰাত এবছৰ ধৰি অৰ্ধ-নিৰ্মিত অৱস্থাত আছে জল জীৱন মিছন
ৱেবডেস্ক : ৰঙাপৰাৰ ১ নং নামনিগাঁৱত এখন জল জীৱন মিছনৰ আঁচনি প্ৰায় এবছৰ ধৰি অৰ্ধ-নিৰ্মিত অৱস্থাত পৰি আছে। যাৰ ফলত গাঁওখনৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উঠিছে। জল মিছন আঁচনিখন আজিলৈকে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ নোহোৱাৰ পৰিপেক্ষিতত খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ গাঁও খনৰ ৰাইজে পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে।
আঁচনিখনৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰ আৰু বিষয়া-অভিযন্তা সকলে চূড়ান্ত হেমাহিৰ কৰি থকাৰ আন এক অভিযোগ উঠিছে ৷ স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগ আৰু চৰকাৰৰ ওছৰত দাবী জনাইছে যাতে আঁচনিৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰি তেওঁলোকক বিশুদ্ধ পানীৰ সুবিধা প্ৰদান কৰা হয়।