
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাপৰত আছুৰ তীব্ৰ প্ৰতিবাদ
ৱেব ডেস্ক: অসম চৰকাৰৰ বিদেশী ন্যায়াধীকৰণত অবৈধ বাংলাদেশীৰ নাগৰিকত্বৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰা নিৰ্দেশনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আছু। চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সম্মুখত বিভিন্ন শ্লোগান দি কেবিনেট নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰে আছুয়ে।
বিদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি আছুৰ তীব্ৰ প্ৰতিবাদ। ৰাজ্যত অ-মুছলমান বিদেশীৰ বিৰুদ্ধে যিমান গোচৰ আছে সেই গোচৰ সমূহ উঠাই লবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনাক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ।
আজি সমগ্ৰ ৰাজ্যতে ইয়াৰ বিৰুদ্ধে আছুই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চাপৰত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই এই নিৰ্দেশৰ প্ৰতিলিপি দাহ কৰে । ছাত্ৰ সন্থাই এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক সকিয়াই দিয়ে যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিছৰা কাৰ্যক ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় । নাগৰিকত্ব কেৱল অসম চুক্তিৰ আধাৰত হব লাগিব বুলি কোৱাৰ লগতে ১৯৭১ চন ভিক্তিবৰ্ষ হলেহে মানি লোৱা হ’ব বুলিও মন্তব্য প্ৰকাশ আছুৰ। চৰকাৰে এই নিৰ্দেশনা উঠাই নললে আগন্তুক দিনত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে আছুয়ে।