
ইউ পি পি এলৰ প্ৰথমখন প্রার্থীতালিকা ঘোষণা
ৱেব ডেস্ক: ইউপিপিএল দলে ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা বিটিচি নির্বাচনৰ বাবে নিশা ১৮টা সমষ্টিৰ প্রার্থীতালিকা প্রকাশ কৰিছে। ঘোষিত তালিকা অনুসৰি ৩ নং শ্ৰীৰামপুৰত উইলছন হাছদা, ৪ নং যমদুৱাৰত চৰণজিৎ বসুমতাৰী, ৫ নং চৰাইবিলত ৰাজুকুমাৰ নাৰ্জাৰী, ৭ নং ফকিৰাগ্ৰামত আফজল হক সৰকাৰ, ৯ নং বনৰগাঁৱত ৰবিৰাম ব্ৰহ্ম, ১১ নং বাওখুংগ্ৰীত ৰঞ্জিৎ বসুমতাৰী, ১২ নং চালাকাটিত লৰেন্স ইছলাৰী, ১৩ নং চিৰাঙত চাইখংবসুমতাৰী, ১৫ নং কাজলগাঁৱত চন্দন ব্রহ্মা, ১৮ নং মানাস-ছেৰফাঙত ধনঞ্জয় বসুমতাৰী, ২২ নং ককলাবাৰীত মন্টু বড়ো, ২৪ নং মুছলপুৰত ৰাকেশ ব্ৰহ্মা, ২৫ নং বাগানপাৰাত কাতিৰাম বড়ো, ২৬ নং দৰঙাজুলিত জলেন দৈমাৰী, ২৭ নং নাগ্রীজু লিত ৰবীনবালা বিশ্বাস, ২৯ নং শুক্লাই-ছেৰফাঙত প্রদীপ নাৰ্জাৰী, ৩৭ নং ধনশ্রীত ৰুজু গৌৰা মছাহাৰী আৰু ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিত নীলুৎ স্বর্গীয়াৰীক ইউপিপিএলে প্রার্থী মনোনীত কৰিছে।
এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে বিটিআৰৰ ককলাবাৰী পৰিষদীয় সমষ্টিত আনন্দৰ জোৱাৰ উঠে। বাতৰি পোৱাৰ লগে লগে নিশা দলটোৰ সমৰ্থকসকলে বোমা ফুটাই আনন্দ প্রকাশ কৰে। আজি পুৱা দলটোৰ নেতা-কর্মীসকলে বৰ্তমানৰ সমষ্টিটোৰ পাৰিষদ মন্টু বড়োৰ বাসগৃহত উপস্থিত হৈ প্রার্থীগৰাকীক আৰনাই প্ৰদান কৰি বিপুল আদৰণি আৰু শুভেচ্ছা জনায়। মন্টু বড়োরে প্রার্থী মনোনীত কৰা বাবে দলৰ নেতাসকলৰ লগতে বিটিআৰৰ ২৬টা জনগোষ্ঠীৰ লোকসকলক শুভেচ্ছা জনায়। সাংবাদিকৰ আগত তেওঁ ‘মই আশাবাদী, এইবাৰো পাৰ্টীৰ কৰ্মকর্তাসকলৰ প্ৰচেষ্টা আৰু ২৬টা জনগোষ্ঠীৰ ৰাইজৰ সমর্থনত জয়লাভ কৰিবলৈ সক্ষম হ’ম। সমষ্টিটোত প্রায় ৭৪ হাজাৰ ভোটাৰ আছে।
বিগত উপ-নির্বাচনত মই ৩৫ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰিছিলো। এইবাৰ নতুন ভোটাৰ অন্তর্ভুক্তিৰ ফলত ভোটাৰ কিছু বাঢ়িব পাৰে। এইবাৰো দলীয় কর্মীৰ প্রচেষ্টা আৰু ৰাইজৰ আশীৰ্বাদত মই জয়লাভ কৰিম।’ তেওঁ কয় যে প্রমোদ বড়োরে বলিষ্ঠ নেতৃত্ব প্রদান কৰি সমগ্র বিটিআৰ অঞ্চলত শান্তিপ্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ভিছন ডকুমেন্ট আৰু অন্যান্য উন্নয়নমূলক কাৰ্যৰ ফলত বিটিআৰৰ জনসাধাৰণৰ যথেষ্ট উন্নতি হৈছে। দলটোৰ প্ৰতি ৰাইজৰ সমর্থন বাঢ়িছে। সেয়ে বিটিআৰত প্রমোদ বড়োৰ নেতৃত্বতে পুনৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি তেওঁ দাবী কৰে।