
বুধবাৰ,১৬/০৭/২০২৫: মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আটক ২৬ জনকৈ বাংলাদেশী আৰু ৪জন ভাৰতীয় দালাল।
সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে বাংলাদেশী কেইজনৰ লগতে চাৰিজন ভাৰতীয় দালালক।
প্ৰথম পৰ্যায়ত নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত 22BN BSF যে মেঘালয়ৰ মাচোকপাৰা পাহাৰৰ পথত তিনিখন বাহন আটক কৰে।
পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় দালালৰ লগতে বাংলাদেশী নাগৰিকৰ গতিবিধি লক্ষ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে।
লগে লগে BSF ৰ দল এটাই অভিযান চলাই মুঠ ২৬ জন বাংলাদেশী আৰু ৪ জনকৈ ভাৰতীয় দালালক আটক কৰিবলৈ সক্ষম হয়।
অবৈধ বাংলাদেশীৰ দলটোত আছে তিনিজনকৈ মহিলা আৰু দুজন শিশু।
লগতে পঢ়ক: Assam |1,19,548 bighas of land was freed from encroachment during the BJP rule: বিজেপিৰ শাসনকালত বেদখলৰ কবলৰ পৰা মুক্ত ১,১৯,৫৪৮ বিঘা ভূমি