
এতিয়া নিৰ্বাচন আহিছে ,উচ্ছেদক লৈ মই ৰাজনীতি কৰিব বিচৰা নাই
ৱেবডেস্ক : আজি বাক্সাত পুনৰ উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত বাক্সাৰ বাগানপাৰাত অনুষ্ঠিত বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, তত্বাৱধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
বাগানপাৰাত বিজয় সংকল্প সভাত উপস্থিত থাকি সাংবাদিকৰ আগত কেবাটাও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী কয় যে ,- বিপিএফ ইউপিপিএল আৰু অঞ্জলি দৈমাৰীৰ এপিবি একত্ৰিত হ’লে খুব ভাল হয়, মই ভাল পাওঁ । অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন-অসমীয়ক ক’ত জাগা দিম । গৌৰৱ গগৈয়ে ন-অসমীয়াক ৰাহুল গান্ধীৰ ঘৰত থব । ভিচিডিচি ব্যৱস্থাটোৰ পৰিবৰ্তন হ’ব লাগিব । ব্যৱস্থাটো ঠিক নহয় । আমাৰ মানুহো তাত আছে । কিন্তু ব্যৱস্থাটোৰ পৰিবৰ্তন কৰিব বিচাৰিছোঁ ।
কালিৰ দিনটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ‘কা’ আইনৰ অধীনত অসম চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে AJYCP য়ে মোক সুধিলে মই ফোনত কৈ দিলো হেঁতেন । কিন্তু তেওঁলোকে নিজাকৈ আন্দোলন কৰিছে আমাৰ কবলগীয়া নাই । বিটিআৰৰ উচ্ছেদ সন্দৰ্ভত মই এতিয়াই একো নকওঁ । এতিয়া নিৰ্বাচন আহিছে । উচ্ছেদক লৈ মই ৰাজনীতি কৰিব বিচৰা নাই ।
লগতে মন্তব্য কৰি কয় বিজেপিয়ে শান্তি-সম্প্ৰীতি ৰক্ষা নকৰা বুলি ইউপিপিএলে কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় মই কাৰো বিৰোধিতা কৰা নাই । আজি পৰ্যন্ত মই বিপিএফ বা ইউপিপিএলৰ বিৰুদ্ধে এটা কথাও কোৱা নাই । আনকি মই প্ৰাক্তন মুখ্যমন্ত্ৰীকো সমালোচনা কৰা নাই আজিলৈ ।
নগাৰ মাটি উচ্ছেদ প্ৰসংগত যুক্তি দি মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ কলিজা সৰু নহয় । মই ভয় নাখাও । মোক ভয় খুৱাব বিচাৰি আছে নেকি ? উচ্ছেদ হ’বই । মইয়ো মাৰ গাখীৰ খাই ডাঙৰ হোৱা ।