
বুধবাৰ,১৬/০৭/২০২৫: ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ বাট-পথৰ দুৰৱস্থাই যমৰ-যাতনা ভোগাইছে ডিব্ৰুগড়বাসীক। ডিব্ৰুগড় পৌৰ নিগমে নিৰ্মাণ কৰা চহৰখনৰ বাট-পথসমূহ অসম্পূৰ্ণকৈ আধাতে কাম শেষ কৰি ৰাইজক চলাচলত অসুবিধাৰ সৃষ্টি কৰিছে। ইয়াৰ সমাধানৰ দাবীত আজি ডিব্ৰুগড় আমোলাপট্টি চৌকিডিঙ্গি সংযোগী পথৰ চিৰিং চাপৰিত ডিব্ৰুগড় আছুৱে পথ অৱৰোধ কৰে।পথ অৱৰোধ কৰি আছুৱে ডিব্ৰুগড় পৌৰ নিগম হুছিয়াৰ, লোক নিৰ্মাণ বিভাগ হুছিয়াৰ,অসম চৰকাৰ হুছিয়াৰ আদি শ্ল’গানেৰে ডিব্ৰুগড় আকাশ বতাহ কপাই তোলে। অহা ১০ জুলাই ভিতৰত ডিব্ৰুগড়ৰ জৰাজীৰ্ণ পদসমূহ নিৰ্মাণ কৰিবলৈ আছুৱে ডিব্ৰুগড় পৌৰ নিগম আৰু লোক- নিৰ্মাণ বিভাগক সময়সীমা বান্ধি দিয়ে।অন্যথা জনসাধাৰণৰ স্বাৰ্থত অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হুংকাৰ প্ৰদান কৰিছে।