
ডিব্ৰুগড়ত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠান
ডিব্ৰুগড়: ডিব্ৰুগড়ৰ জিলা মুখ্য কাৰ্যালয়ত ‘অসম গণ পৰিষদৰ বৃহৎ যোগদান’ কাৰ্যসুচী অনুষ্ঠিত হয়। অনুষ্ঠানত চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক তথা কেন্দ্ৰীয় সমিতিৰ সম্পাদক পোনাকন বৰুৱাকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় নেতৃবৃন্দৰ বিষয়ববীয়াৰ লগতে জিলা সভাপতি আদিত্য গোস্বামী উপস্থিত থাকে।
অসম গণ পৰিষদ অসমৰ ৰাইজৰ ত্যাগ আৰু বলিদানৰ ভেটিত জন্ম হোৱা দল,শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা দল বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে দলটোত যোগদান কৰা নতুন সদস্য সকলক দলীয়া গামোচা পিন্ধাই আদৰণি জনায়।
আনহাতে,জিলা সভাপতি আদিত্য গোস্বামীয়ে কয় যে অসম গণ পৰিষদ দলটোক ডিব্ৰুগড় বিধান সভা সমষ্টিত তৃণমূল পৰ্য্যায়ৰ পৰা সু-সংগঠিত কৰি তুলিবলৈ যোৱা কেইটামান দিনৰ পৰা যোগদান চলি আছে। এই অনুষ্ঠানতে গণ পৰিষদত অধিবক্তা, কৃষক, যুৱকসকলক লৈ শতাধিক লোকৰ যোগদান সন্দৰ্ভতো মন্তব্য আগবঢ়ায় জিলা সভাপতি গৰাকীয়ে। আজিৰ অনুষ্ঠানত দলৰ তাৰানাথ বুঢ়াগোহাই, বুলবুল হুছেইন, পৰাগ বৰুৱাকে আদি কৰি জ্যেষ্ঠ-কণিষ্ঠ সকলৰ উপস্থিত থাকে।