
যোৰহাটত পথ সুৰক্ষা আৰু সজাগতা ওপৰত বাটৰ নাট প্ৰদৰ্শন
যোৰহাট: দিনক দিনে ৰাজপথত অত্যাধিক হাৰত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমুহ ৰোধৰ ক্ষেত্ৰত তথা যান-বাহন চলাওঁতে ল’ব লগা সাৱধানতা সমুহৰ ক্ষেত্ৰত ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্য যোৰহাট নেহৰু পাৰ্কৰ সন্মুখত বিহস্পতিবাৰে যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অব চচিয়েল চায়েঞ্চ আৰু ৱ’মেন চেলৰ শিক্ষক-শিক্ষাৰ্থী আৰু যোৰহাট জিলা পৰিবহন বিভাগৰ উদ্যোগত প্ৰদৰ্শন কৰা হয় পথ সুৰক্ষা আৰু সজাগতা সম্পৰ্কত এখনি বাটৰ নাট।
যোৰহাট জিলা পৰিবহন বিষয়া ধনঞ্জয় শইকীয়াই কয় যে- পথ দুৰ্ঘটনাৰ পৰিমান দিনক দিনে যথেষ্ট বৃদ্ধি পাইছে সেয়েহে এইধৰণৰ দুৰ্ঘটনা ৰোধৰ বাবে জনমানসত সজাগতা অনাৰ উদ্দেশ্য এয়া কাজিৰঙা বিশ্ববিদ্যালয় আৰু যোৰহাট জিলা পৰিবহন বিভাগৰ যৌথ প্ৰচেষ্টা।