
অপাৰেচন সিন্দুৰৰ জৰিয়তে বিশ্বই দেখা পালে ভাৰতৰ সেনাৰ ক্ষমতা
নিউজ ডেস্ক : আৰম্ভ হ’ল সংসদৰ বর্ষাকালীন অধিবেশন। বর্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ প্রাকক্ষণত সদন চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে। এই সম্বোধনত বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য কৰে মোদীয়ে।
বিশেকৈ অপাৰেচন সিন্দুৰ সময়ছোৱাত ভাৰতে লাভ কৰা সাফল্যৰ বিষয়ে উল্লেখ কৰে। তেওঁ’ কয় অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে এশ শতাংশ সাফল্য অর্জন কৰিছে। এশ শতাংশ লক্ষ্যত আক্রমণ চলাবলৈ সক্ষম হৈছে। ২২টাকৈ সন্ত্রাসবাদী ঘাটিত বিধ্বস্ত কৰা হয়। অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতৰ সামৰিক ক্ষমতা বিশ্বই প্রত্যক্ষ কৰে। এই সময়ছোৱাত এশশতাংশ ঘৰুৱা সামৰিক শক্তি ব্যৱহাৰ কৰা হয়। তেওঁ কয় ২২ মিনিট ধৰি চলা অপাৰেচন সিন্দুৰৰ সময়ছোৱাত যি লক্ষ্য লৈছিল, সেই লক্ষ্যত এশ শতাংশ উপনীত হৈছে।
ইয়াৰ উপৰি তেওঁ ভাৰতৰ অৰ্থব্যবস্থা সন্দর্ভত কয় যে ২০১৪ বর্ষত বিশ্ব অর্থব্যৱস্থাৰ তালিকাত ভাৰত দশম স্থানত আছিল। আজি ভাৰত তৃতীয় বৃহৎ অর্থব্যৱস্থাৰ দেশ হৈ পৰিছে। ২০১৪ৰ পিছত ২৫ কোটি লোক দাৰিদ্র্য সীমাৰেখাৰ পৰা বাহিৰ হৈছে। ২০১৪ৰ পূর্বে দেশৰ মূল্য বৃদ্ধিৰ হাৰ ডাবল ডিজিট আছিল। এতিয়া মূল্যবৃদ্ধিৰ হাৰ দুইশতাংশৰ ওচৰা-উচৰিত অৱস্থান কৰিছে। ইয়াৰ ফলত সাধাৰণ জনতাৰ জীৱনৰ মান উন্নত হৈছে।