
দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাৰ ওপৰত আক্ৰমণৰ ঘটনা সৈতে আম আদমী পাটী জড়িত
ৱেব ডেস্ক: দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাৰ ওপৰত আজি চলে এক আক্ৰমণৰ ঘটনা। দিল্লীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাইজৰ অভাব-অভিযোগক লৈ এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত অতর্কিতে
আক্রমণ চলায় দুর্বৃত্তই। এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই ঘটনাৰ কথা সদৰী কৰি কয় যে জনসভাত ৰাইজৰ অভাৱ-অভিযোগ শুনি থকাৰ সময়তে এই আক্রমণ চলিছিল। ঘটনা সংঘটিত হৈ পৰাৰ পাছতে মই মানসিকভাৱে ভাগি পৰিছিলোঁ। এতিয়া মই সম্পূর্ণ সুস্থ।
ইপিনে, বিজেপি বিধায়ক হৰিশ খোৰানাই এই ঘটনাৰ সৈতে আম আদমী পাটী জড়িত বুলি দাবী কৰে। এক্সৰ জৰিয়তে বিধায়কগৰাকীয়ে গুজৰাটৰ আম আদমী পাৰ্টীৰ বিধায়ক গোপাল ইটালীয়াৰ এখন তথ্যচিত্ৰ ৰাজহুৱা কৰি কয় যে যি সন্দেহ আছিল সেয়া সঁচা প্রমাণিত হৈছে। অৰবিন্দ কেজৰিৱালৰ অতিকৈ ঘনিষ্ঠ বিধায়ক গোপাল ইটালিয়াৰ সৈতে অভিযুক্তৰ ফটোরে বহু কথাই কৈছে। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত যি আক্রমণ চলিছে, তাত আপ সম্পূর্ণরূপে জড়িত। অভিযুক্ত লোকজন গুজৰাটৰ ৰাজকোট নিবাসী ৰাজেশ ভাই খিঞ্জিভাই সকৰিয়া। এই অভিযুক্তজনৰ বিৰুদ্ধে ইতিমধ্যে হত্যাৰ চেষ্টা চলোৱাৰ গোচৰ ৰুজু কৰা হৈছে।
ইতিমধ্যে সামাজিক মাধ্যমত চি চি টিভি ফুটেজ ভাইৰেল হৈছে। য’ত দেখা গৈছে খিঞ্জিভাইক। লোকজনে ১৯ আগষ্টত মুখ্যমন্ত্ৰীৰ চালিমাৰ বাগৰ আৱাসত চলা-ফুৰা কৰি আক্ৰমণৰ পূৰ্ব পৰিকল্পনা কৰিছিল। মন কৰিবলগীয়া যে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ওৰেটো সময় জেদ কেটাগৰিৰ নিৰাপত্তাৰক্ষী থকাৰ পাছতো কেনেদৰে লোকজনে মুখ্যমন্ত্ৰীগৰাকীক অতর্কিতে আক্রমণ চলাবলৈ সক্ষম হ’ল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। যদি দিল্লীত মুখ্যমন্ত্ৰীৰে নিৰাপত্তা সুনিশ্চিত নহয়, তেনেহ’লে সাধাৰণ নাগৰিকৰ কিহ’ব তাক লৈ প্রশ্ন উত্থাপন হৈছে।