
মুকালমুৱাৰ পেৰাধৰাত বিদ্যুৎ স্পৃষ্ট হৈ এজনৰ মৃত্যু
ৱেব ডেস্ক: মুকালমুৱাৰ পেৰাধৰাত আজি বিদ্যুৎ স্পৃষ্ট হৈ এজন যুৱক নিহত হয়। নিহত যুৱকজন মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ঘৰুৱা বাহাৰ ৰজব আলী বুলি জানিব পৰা গৈছে। যুৱকজনে আজি পেৰাধৰা বজাৰত নিজৰ দোকানত মোবাইল ৰিপিয়াৰিং কৰা থকা অৱস্থাত আকস্মিকভাৱে বিদ্যুত স্পৃষ্ট হৈ আহত হয়। পৰৱৰ্তী সময়ত যুৱকজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও যুৱকজনৰ মৃত্যু ঘটে। সম্প্ৰতি যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে।