
বৰপেটা জিলাৰ ভাতনাপাইতি সুখোৱাৰঝাৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে
মংগলবাৰ,১৫/০৭/২০২৫: বৰপেটা জিলাৰ ভাতনাপাইতি সুখোৱাৰঝাৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে । খহনীয়াই বহু পৰিয়ালক গৃহহীন কৰাৰ লগতে হেক্টৰে হেক্টৰে কৃষিভূমি জাহ যোৱাত অসহায় হৈ পৰিছে অঞ্চলবাসী।
খহাই নিছে গাঁওখনৰ একমাত্ৰ পকী পথটোও । ব্ৰহ্মপুত্ৰৰ খহনীয়াত ব্ৰিটিছৰ দিনৰ সুখোৱাৰঝাৰ গাঁওখনৰ কোনো চিনচাব নোহোৱা কৰি পেলাইছে। সেই সময়ৰ জাহাজ ঘাটৰ আজি নাই কোনো অস্তিত্ব।
প্ৰায় ১৫-২০ বছৰ ধৰি অঞ্চলটোত হোৱা গৰাখহনীয়াত তিনি শতাধিক পৰিয়াল গৃহহীন হৈ বিভিন্ন চহৰ নগৰত শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল পোহপাল দিব লগীয়া হৈছে ।
তথাপিও অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । শীঘ্ৰে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহন কৰিবলৈ জলসম্পদ বিভাগক দাবী জনাইছে ভুক্তভোগী লোকে।