
বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱাল আৰু স্বামী পাৰুপল্লী কাশ্যপে
মংগলবাৰ,১৫/০৭/২০২৫: বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱাল আৰু স্বামী পাৰুপল্লী কাশ্যপে। বিবাহৰ সাত বছৰৰ পাছত বিচ্ছেদ হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে তাৰকা দম্পতীটোৱে ৷ সমাজিক মাধ্যমযোগে ছাইনাই নিজৰ পোষ্টত এনেদৰে লিখিছে,
‘‘জীৱনে কেতিয়াবা আমাক বিভিন্ন দিশলৈ লৈ যায় । বহু বিবেচনাৰ অন্তত পৰুপল্লী কাশ্যপ আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো । আমি নিজৰ আৰু ইজনে-সিজনৰ বাবে শান্তি আৰু আগুৱাই যোৱাৰ পথ বাছি লৈছো । স্মৃতিসমূহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি আগলৈ যাবলৈ শুভেচ্ছা জ্ঞাপন কৰিলো । এই সময়ছোৱাত আমাৰ নিজস্বতাক বুজি পোৱাৰ লগতে সন্মান জনোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ ।’’ইয়াৰ পাছতে অনুৰাগী সকলো হতবাক হৈ পৰিছে।
২০১৮ চনত এটা ডাঙৰ সিদ্ধান্ত লৈ দুয়োজনে নিজৰ বন্ধুত্বৰ সম্পৰ্কটোক বিবাহৰ বান্ধোনৰে বান্ধিছিল ৷ বিবাহৰ সাত বছৰৰ পাছত বিবাহ বিচ্ছেদ হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে ছাইনাই ইনষ্টাগ্ৰামত এক আবেগিক পোষ্টৰ জৰিয়তে এই বিচ্ছেদৰ কথা ৰাজহুৱা কৰে ৷