
মঙ্গলদৈত স্কুলৰ ছাত্ৰীক অপহৰণৰ চেষ্টা
ৱেব ডেস্ক: মঙ্গলদৈ DONBOSCO স্কুলৰ ছাত্ৰীক অপহৰণৰ চেষ্টা। মুখত মাক্স লগাই লুঙি পিন্ধি বাইকত অহা দুস্কৃতিকাৰীয়ে বৃহস্পতি বাৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰিবলৈ চেষ্টা কৰে ।
ছাত্ৰী গৰাকীৰ উপস্থিত বুদ্ধিয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ঘটনা অনুসৰি বৃহস্পতি বাৰে স্কুল চুটি হোৱাৰ সময়ত দুজন বাইকত অহা দুস্কৃতিকাৰীয়ে মুখত মাক্স আৰু লুঙি পিন্ধি ছাত্ৰী গৰাকীক পিতৃৰ বন্ধু বুলি নিজকে চিনাকী দি বাইকত উঠাই নিয়াৰ চেষ্টা কৰিছিল, কিন্তু ছাত্ৰী গৰাকীয়ে নিজৰ উপস্থিত বুদ্ধিৰে ভেনৰ ড্ৰাইভাৰ দৌৰি গৈ অৱগত কৰে। ততাতৈয়াকৈ ড্ৰাইভাৰ জনে গাড়ীৰ পৰা ওলাই গৈ ছাত্ৰী গৰাকীক ৰক্ষা কৰিবলৈ সক্ষম হয়।
পিছলৈ ড্ৰাইভাৰ জনে ঘটনা সন্দৰ্ভত স্কুল কৰ্তৃপক্ষক অৱগত কৰাত কৰ্তৃপক্ষই আৰক্ষীক জনায়। এই ঘটনাক লৈ স্কুলৰ অভিভাৱকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে অনুৰূপ ঘটনা আন এগৰাকী ছাত্ৰৰ ক্ষেত্ৰতো কেইদিনমান আগতে হৈছিল বুলি এগৰাকী অভিভাৱকে মন্তব্য কৰে।