
বিলাসীপাৰাৰ মেধিৰঝাৰ গাঁৱত ভাৰাতীয়া শিক্ষক সঞ্জীৱ চক্রৱতীৰ মৃতদেহ উদ্ধাৰ
ৱেবডেস্ক :বিলাসীপাৰা থানাৰ অন্তৰ্গত ৬ নং বাড মেধিৰঝাৰ গাঁৱত ভাৰাতীয়া শিক্ষক সঞ্জীৱ চক্রৱতীৰ নামৰ ব্যক্তিজন কোঠালিতে মৃত্যু হোৱা ঘটনাই সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘৰৰ স্বত্বাধিকাৰীয়ে জনোৱা মতে, বঙাইগাঁও জিলাৰ বিজনীৰ বাসিন্দা তথা শিক্ষক সঞ্জীৱ চক্রবর্তী হাতীপোতা এম ই স্কুলৰ সহকাৰী শিক্ষক আছিল। কোঠালিটো ভাৰা লোৱাৰ এসপ্তাহ হৈছে। শিক্ষকজন দুদিনে ধৰি কোঠালিটোৰ পৰা বাহিৰলৈ ওলাই অহা নাই। ঘৰৰ মালিকে সন্দেহ হোৱাত মাত লগোৱাৰ পাছতো কোনোধৰণৰ সংকেত নহাত স্থানীয় বাসিন্দাসকলে ঘৰৰ দুৱাৰ ভগাত ভিতৰত শিক্ষকজন মৃত অৱস্থাত পৰি থকা প্রত্যক্ষ কৰে।
বিলাসীপাৰা আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়। উলংগ অৱস্থাত মৃত সঞ্জীর চক্ৰৱৰ্তীক উদ্ধাৰ কৰি থানাত নিয়ে। বিশেষ সূত্র এটিত জানিব পৰা গৈছে যে শিক্ষক চক্ৰৱতীৰ প্ৰথমা পত্নীৰ লগত এৰা-এৰি হৈছিল। দ্বিতীয় পত্নীৰ লগতো সম্পর্ক ভাল নাছিল। ফলত প্রায়ে অধিক সুৰামত্ত হৈ থাকে। কি কাৰণত মৃত্যু হ’ল জানিব পৰা নগ’ল। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি আৰক্ষী প্রশাসনে জনাইছে।