
বকোৰ বন্দাপাৰাত চলি আছে ৪১ সংখ্যক ছহিদ ট্ৰফী ফুটবল প্ৰতিযোগিতা
ৱেব ডেস্ক: বকোৰ বন্দাপাৰাত চলি আছে ৪১ সংখ্যক ছহিদ ট্ৰফী ফুটবল প্ৰতিযোগিতা । আজি হ’ল তৃতীয় কোৱাৰ্টাৰ ফাইনেলৰ । আজিৰ খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ সুমিত ৰাভাই।
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ফুটবল খেলখন সম্প্ৰতি বন্দাপাৰা জনতা সংঘৰ খেলপথাৰ প্ৰাঙ্গণত জনতা সংঘৰ উদ্যোগত আৰু পূৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত লগতে অসমী আইৰ সোঁৱৰণত চলি আছে। সুদক্ষ খেলুৱৈৰ তীব্ৰ উত্তেজনাপূৰ্ণ তৃতীয় কোৱাৰ্টাৰ ফাইনেলত ছয়গাঁও FC দলে বনাম শ্বিলং মাইৰাঙৰ Seven Sister United দলক ১-০ গলত ।
অঞ্চলবাসী অগণন দৰ্শক তথা ফুটবল প্ৰেমীৰ উপস্থিতিত বিশিষ্ট অতিথি হিচাপে মেঘালয়ৰ পশ্চিম খাছি পাহাৰৰ বিধায়ক মিষ্টাৰ ৰেনিংটন জি মমিন , সদৌ অসম ট্ৰাইবেল সংঘৰ সাংগঠনিক সম্পাদক কেন্দ্ৰীয় মিষ্টাৰ জনচন জে চাংমাই সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি উৎসাহ যোগাই। আনহাতে, ২৮ আগষ্টত হ’বলগীয়া চূড়ান্ত খেলখনত দৰ্শক তথা ফুটবল প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাই।