
পদপথৰ কুকুৰ আঁতৰাই নিয়াৰ ক্ষেত্ৰত বাধা দিয়া ব্যক্তি-সংগঠন হ'ব কঠোৰ শাস্তিৰ সন্মুখীন
ৱেবডেস্ক: দিল্লীত পদপথৰ কুকুৰ-সন্ত্রাসত থাকিব নোৱাৰা হৈছে সাধাৰণ জনতা। পদপথৰ কুকুৰৰ উপভ্ৰৱত দিল্লীৰ জনতাৰ হাৰাশাস্তি হোৱাৰ পাছতে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে বিষয়টোত। মালিক নোহোৱা সকলো বিপথগামী কুকুৰক দিল্লীৰ আবাসিক এলেকাৰ পৰা আঁতৰোৱাৰ বাবে নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে। মালিক নোহোৱা কোনো কুকুৰ থাকিব নোৱাৰিব দিল্লীৰ ৰাজপথত। এইক্ষেত্রত কোনো সংগঠনে বাধা দিব নোৱাৰিব প্রশাসনক। উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে কঠোৰ নিৰ্দেশ। পদপথৰ কুকুৰ আঁতৰাই নিয়াৰ ক্ষেত্ৰত কোনো সংগঠনে যদি বাধা দিয়ে কঠোৰ শাস্তিৰ সম্মুখীন হ’ব লাগিব বুলি নির্দেশনাটোত উল্লেখ কৰিছে।
দিল্লীত পদপথৰ কুকুৰৰ সমস্যা গুৰুতৰ হৈ পৰিছে বুলি দাবী কৰি মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই চৰকাৰে ‘সামগ্রিক’ আৰু সংগঠিত’ পৰিকল্পনাৰ জৰিয়তে এই সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে। আজি এই বিষয়ত দিল্লী চৰকাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠকো অনুষ্ঠিত কৰিব পাৰে, য’ত আদালতৰ নির্দেশ কার্যকৰী কৰিবলৈ ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হ’ব।
উল্লেখ্য যে দিল্লীৰ বিভিন্ন স্থানত পদপথৰ কুকুৰৰ আক্ৰমণত জলাতংক ৰোগত ভুগি কেইবাজনো লোকৰ মৃত্যু হৈছে। ক্রমাৎ বৃদ্ধি পাইছে কুকুৰৰ আক্ৰমণত মৃত্যু হোৱা ঘটনাৰ সংখ্যা। শিশুৰ পৰা বৃদ্ধলৈকে বহু লোক পদপথৰ ভতুৱা কুকুৰৰ আক্ৰমণত আহত হৈছে। জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যুও ঘটিছে। উচ্চতম ন্যায়ালয়ে বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই নির্দেশ প্রদান কৰিছে। লগতে দিল্লী চৰকাৰক সময়মতে সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নির্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পার্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে শুনানি গ্রহণ কৰি এই নির্দেশ দিছে।
এইক্ষেত্রত কুকুৰপ্ৰেমী বা আন কোনো জন্তুপ্রেমী সংগঠনৰ শুনানি গ্ৰহণ নকৰে উচ্চতম ন্যায়ালয়ত। জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্রকাশ কৰিছে ন্যায়াধীশদ্বয়ে। ইফালে গৰাকীবিহীন কুকুৰসমূহক দিল্লীৰ আৱাসিক অঞ্চলৰ পৰা আঁতৰাই আন ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ইতিমধ্যে পদপথৰ কুকুৰক ৰখাৰ বাবে এটা অঞ্চল চিনাক্ত কৰিছে দিল্লী প্রশাসনে। নয়ডা, গাজিয়াবাদ আৰু গুৰুগ্রামকে ধৰি দিল্লীৰ বহু ঠাইত পদপথৰ কুকুৰে সন্ত্রাসৰ সৃষ্টি কৰিছে। বহু লোকক অবাঞ্ছিত পৰিস্থিতিত আক্রমণ কৰিছে।
তাৎক্ষণিকভাবে এই কুকুৰসমূহক স্থানান্তৰ কৰি এটা আশ্রয় গৃহত ৰাখিবৰ বাবে নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে। লগতে গৰাকীবিহীন কুকুৰসমূহক বন্ধ্যাকৰণ আৰু প্ৰতিষেধক প্রদান কৰিব লাগিব। এই আশ্রয় শিবিৰৰ পৰা কুকুৰ যাতে পলাই যাব তাৰ বাবে আশ্রয় গৃহত চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিব লাগিব। কুকুরে কামোৰা ঘটনাৰ খবৰ দিবলৈ দিল্লী চৰকাৰক এটা হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ নির্দেশ দিয়া হৈছে। প্রয়োজন হ’লে কুকুৰসমূহ ধৰিবলৈ বিশেষ বাহিনী গঠন কৰিবলৈ কোৱা হৈছে নির্দেশনাটোত। আনহাতে এই কার্যত যদি কোনো সংগঠন বা ব্যক্তিয়ে বাধা প্রদান কৰে, তেনেহ’লে আদালত অবমাননা কৰা বুলি গণ্য কৰা হ’ব আৰু কঠোৰ শাস্তি বিহা হ’ব।
লগতে দিল্লীৰ কুকুৰৰ উপদ্ৰৱ হোৱা অঞ্চলসমূহত থকা চিকিৎসা কেন্দ্র বা চিকিৎসালয়সমূহত কুকুৰে কামুৰিলে দিয়া ৰেবিজ ভেকচিনৰ উপলব্ধতা আৰু মজুতকৰণৰ সকলো ‘তথ্য ৰাখিবলৈ নির্দেশ দিয়া হৈছে। দিল্লীৰ পৌৰ নিগমৰ চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানীত মুঠ ৪৯জন জলাতংক ৰোগী ধৰা পৰিছে। এই সময়ছোৱাত ৰাজধানী চহৰখনত ৩৫,১৯৮টা কুকুৰে কামোৰা ঘটনা সংঘটিত হৈছে। মূলতঃ কুকুৰে কামোৰাৰ ফলত সংক্রমিত হোৱা ভাইবাছৰ সংক্রমণত মৃত্যুৰ হাৰ অতি উচ্চ আৰু প্ৰতি বছৰে প্ৰায় ৬০,০০০ লোকৰ প্ৰাণ যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি এই মৃত্যুৰ ৩৬ শতাংশ ঘটনা সংঘটিত হৈ আহিছে ভাৰতত।