
জামুগুৰিহাটৰ উত্তৰ বালিজুৰিত বৃহৎ চাফাই অভিযান কাৰ্য্যসূচী
ৱেব ডেস্ক: পাৰিপাৰ্শ্বিকতা তথা প্ৰাকৃতিক ও সামাজিক পৰিৱেশ সুৰক্ষাৰ প্ৰচেষ্টা জামুগুৰিহাটত ৷ জামুগুৰিহাটৰ উত্তৰ বালিজুৰিৰ খ্ৰীষ্টানবস্তি পৰা বালিজুৰি তিনি আলি সংযোগী পথত আজি পুৱাই উত্তৰ বালিজুৰিৰ ১৭৩ আৰু ১৬৪ বুথ কমিটি তথা ৯ আৰু ১০ ৱাৰ্ডৰ উদ্যোগত ৰাইজৰ সহযোগত বৃহৎ চাফাই অভিযানৰ কাৰ্য্যসুচী ৰূপায়ন কৰা হয়।
পাৰিপাৰ্শ্বিকতা তথা প্ৰাকৃতিক ও সামাজিক পৰিবেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহন কৰা এই মহৎ কাৰ্য্যসূচীত অঞ্চলৰটোৰ কেইবা শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰি আগবঢ়োৱা শ্ৰমদানৰ জৰিয়তে চাফাই অভিযানত খ্ৰীষ্টানবস্তি পৰা বালিজুৰি তিনি আলি প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথচোৱাৰ দুই কাষৰ হাবি জংঘল কাটি পৰিস্কাৰ পৰিচ্চন্ন কৰি তোলে ৷
উদ্যোক্তা সকলৰ হৈ উত্তৰ ন দুৱাৰ মণ্ডলৰ সভাপতি কিশোৰ দাহালে জনোৱা মতে বৃহত্তৰ অঞ্চলটোৰ পাৰৰ জনশুন্য এলেকাৰ পকী পথচোৱাৰ দুই কাষ হাবি জংঘলেৰে আৱৰি থকা বাবে পকী পথ চোৱা বিগত কিছুদিন ধৰি অসামাজিক কাৰ্য্যকলাপৰ ঘাটিত পৰিনত হৈছে৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাৰ সুদিহাপৰামৰ্শ অনুযায়ী এই চাফাই অভিযানৰ কাৰ্য্যসুচীৰ সফল ৰূপায়ন কৰি প্ৰাকৃতিক ও সামজিক পৰিবেশ বিনস্ত হোৱাৰ পৰা অঞ্চলটোক ৰক্ষা কৰাৰ প্ৰছেষ্টা চলোৱা হয় ।
আজিৰ এই চাফাই অভিযানৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে উত্তৰ ন দুৱাৰ মণ্ডলৰ সভাপতি কিশোৰ দাহাল, সমাজকৰ্মী বিনয় গৌতম, ৱাৰ্ড সদস্য সাগৰ ৰায় , যমুনা চেত্ৰী, আৰু ১৭৩, ১৬৪ বুথৰ সভাপতিৰ লগতে বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে৷