
বিশ্বনাথৰ বাঘমাৰীত' গাংজেমা' নামৰ ৰেষ্টুৰেন্টৰ শুভ উদ্ধোধন বিধায়ক পদ্ম হাজৰিকাৰ
ৱেবডেস্ক: বিশ্বনাথ জিলাৰ বাঘমাৰীত আজি গাংজেমা নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেন্টৰ শুভ উদ্ধোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বাঘমাৰীৰ ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত এই ‘গাংজেমা’ নামৰ ৰেষ্টুৰেন্ট খন মুকলি কৰি বিধায়ক গৰাকীয়ে কয় যে -এই অত্যাধুনিক ৰেষ্টুৰেণ্ট খনৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা যাত্ৰী সকল উপকৃত হব সেইবাবেই যাত্ৰী সকলৰ কাৰণে ই এক সু-খবৰ।
বাঘমাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে স্হাপন কৰা গাংজেমা নামৰ এই অত্যাধুনিক ৰেষ্টুৰেন্ট খনৰ জৰিয়তে উঠি অহা শিক্ষিত নিৱনুৱা যুৱক তথা জামুগুৰিহাটৰ তৌভঙা নিবাসী বিশিষ্ট সমাজকৰ্মী শ্যামন্ত মেচৰ সুযোগ্য সন্তান যুব ব্যৱসায়ী অনুপ জ্যোতি মেছে দুপদ-দুপে আগবাঢ়ি যাওক বুলি আৰ্শীবাদ প্ৰদান কৰে বিধায়ক পদ্ম হাজৰিকাই । ইয়াৰ লগতে এই গাংজেমা ৰেষ্টুৰেন্ট খনত নিবনুৱা যুৱক যুৱতী সকলে কৰ্ম সংস্হাপন লাভ কৰি স্বনিৰ্ভৰশীল হব পাৰিব আৰু অত্যাধুনিক ৰেষ্টুৰেণ্টত যাত্ৰী সকলেও সু-সুস্বাদু আহাৰ গ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে স্বতাধিকাৰী অনুপ জ্যোতি মেছে ।