
স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালক পদত্যাগৰ দাবী
ৱেব ডেস্ক: স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালক মন্ত্ৰী পদ ত্যাগ কৰি চিংৰা আৰু কছুৰী বিক্ৰী কৰিবলৈ আহ্বান তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ মৃত্যুৰ বিতৰ্ক অব্যাহত থকাৰ সময়তে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ পদত্যাগ দাবী কৰিছে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাই।
তিতাবৰ মহকুমা চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসকৰ অভাৱ,প্ৰয়োজনীয় ঔষধ যোগান, এম্বুলেঞ্চৰ অভাৱ আদি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাই। দুয়োটা সংগঠনৰ বিষয়ববীয়া সকলে হাতে হাতে প্লেকাৰ্ড আৰু বিভিন্ন শ্ল’গানেৰে আজি চিকিৎসালয় খনৰ সন্মুখত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
চিকিৎসালয় খনৰ সমস্যা সমূহৰ সমাধানৰ দাবীত তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰক স্মাৰকপত্ৰৰ জৰিয়তে কেবাবাৰো দাবী জনাইছিল যদিও আজিলৈকে দাবীসমূহৰ প্ৰতি গুৰুত্ব নিদিলে। প্ৰতিবাদকাৰী সকলে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালক অসম চৰকাৰদ স্বাস্থ্য বিভাগৰ পৰা পদত্যাগ কৰি ফুটপাথৰ গলিত চিংৰা আৰু কছুৰী বিক্ৰী কৰিবলৈ দাবী জনাইছে।