
৭৯তম স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে ৰঙিয়া ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
ৱেবডেস্ক: ৭৯তম স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়া ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ই’নভা আৰু স্কুটীৰ মাজত সংঘটিত দূৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় স্কুটী আৰোহী জন।জানিব পৰা মতে ৰঙিয়া অভিমুখে আহি আছিল ই’নভা বাহণ খন ঠিক সেই সময়তে একে দিশৰ পৰা অহা স্কুটী বাহণখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে ই’নভা বাহণখনত।ফলত গুৰুতৰ ভাৱে আহত হয় স্কুটী আৰোহী জন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত যান-বাহণ আৰক্ষী উপস্থিত হৈ স্কুটী আৰোহী জনক ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।