কেনে প্ৰতিনিধি লাগে আমাক?

374

এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন?
যিজনে ধৰ্ম,ভাষা, গোষ্ঠিৰ নামত সমাজক কৰে বিভাজন।
এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন?
যি সমাজত বিভেদ সিচিঁ পৰিৱেশ কলুষিত কৰে।
এনে প্ৰতিনিধি আছে নে প্ৰয়োজন ?
যিয়ে স্বাৰ্থ সিদ্ধি কৰি ৰঘুমলা হৈ সমাজক কৰে শোষণ।
এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন?
সুবিধা বুজি বছৰত তিনি চাৰিবাৰ দল বদলি কৰে।
এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন?
যিয়ে বংশ পৰিয়ালৰ নামত অজস্ৰ অবৈধ সম্পত্তি কৰে আহৰণ।
এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন ?
নিবনুৱাৰ মুৰত ৰামটাঙোন মাৰি যিয়ে কৰে সম্পত্তি আহৰণ।
এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন?
যোগ্যতাৰ অবিহনে যি জনে পাই সমাজত উচ্চ আসন।
এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন?
আয়তকৈ বছৰত কৰে দহ গুণ উপাৰ্জন।
এনে প্ৰতিনিধিৰ নাই প্ৰয়োজন ?
যিয়ে ৰাইজক সকলোতে দিয়ে মিছা প্ৰলোভন।
ৰাইজ হওক সাৱধান,বিবেকে কৰক ভোট দান,
গণতন্ত্ৰত সদল বলে গৈ কৰক ভোট প্ৰদান ।
দলৰ পক্ষত নহয়,উপযুক্ত প্ৰাৰ্থীকহে কৰক সংসদলৈ নিৰ্বাচন।
প্ৰমোদ চেতিয়া।

Leave A Reply

Your email address will not be published.