নগাঁও জিলাৰ জাজৰি মাজগাৱত সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰা হয় গোসাঁই উলিওৱা মেলা।

471

নগাঁও, ৪ মে’: নগাঁও জিলাৰ জাজৰি মাজগাৱত সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি গাওঁবাসী ৰাইজে উদযাপন কৰে গোসাঁই উলিওৱা মেলা।পৰম্পৰা ৰক্ষা কৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰি এই গোসাঁই উলিওৱা মেলা। পৰম্পৰা অনুসৰি জাজৰি মাজগাৱৰ পৰা ডেকা ৰজা বিৰেন লালুংক নিজ গৃহৰ পৰা আধ্যাত্মীক ৰীতি নীতিৰে নাম প্ৰসংগ কৰি ৰাজহুৱা মেলা স্থানলৈ লৈ যায়। উল্লেখ্য যে গোসাঁই উলিওৱা মেলা উপলক্ষে গাওঁ খনত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে । যি পৰম্পৰা প্ৰতি বছৰে বহাগ মাহত অনুষ্ঠিত কৰি আহিছে অঞ্চলবাসী ৰাইজে।

Leave A Reply

Your email address will not be published.