বিহুৰ,অতীত আৰু বৰ্তমানএক চমু অৱলোকন। (প্ৰৱন্ধ)

209

বিহুক অসমৰ আৰু অসমীয়াৰ জাতীয় উৎসৱ বুলি গণ্য কৰা হয়। অসমত বসবাস কৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে উদযাপন কৰা এটা প্ৰধান উৎসৱ হৈছে ৰঙালী বিহু বা ব’হাগ বিহু।অসমৰ বিহুক প্ৰধান কৈ কৃষি ভিত্তিক উৎসৱ বুলি কোৱা হয়।বিহু অসম আৰু অসমীয়াৰ পৰিচয়,অতীত বৰ্তমান আৰু ভৱিষ্যত।অসমত বিহু থাকে মানে অসমীয়াৰ পৰিচয় থাকিব আৰু অসমীয়া থাকে মানে অসমত বিহু থাকিব।সময়ৰ লগে লগে অসমীয়াৰ তাহানিৰ বিহুৰ উছাস মাদকতা কিছুপৰিমানে হ’লেও কমি যোৱাটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব।তাহানিৰ অসমীয়া ডেকা গাভৰুৰ,বুঢ়া মেঠাৰ বিহুৰ প্ৰতি থকা সেই উছাস,মাদকতা আজি যেন নাই।নগৰ চহৰ বিলাকৰ কথা বাদেই,গাওঁ বিলাকতো আজি কালি বিহু কেইটাৰ প্ৰতি অনীহা দেখিবলে পোৱা যায়।যিটো নেকি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি এক প্ৰকাৰ ভাবুকি অহা বুলি কব পাৰি।অপ্ৰিয় হ’লেও এইকথা সকলোৱে মানি লব লাগিব।সময়ৰ পৰিবৰ্তনে হওক বা আধুনিক যান্ত্ৰিকতাৰ কাৰণেই হওক,চহৰ নগৰ গাওঁ সকলোতে এই পৰিবেশ দেখিবলৈ পোৱা গৈছে। আহোম স্বৰ্গদেউ সকলৰ দিনৰ পৰা প্ৰচলিত হৈ অহা বিহুক আধুনিক বিজ্ঞান প্ৰযুক্তি আৰু টেকনলজী প্ৰসাৰৰ ফলত সময়ৰ অজুহাত দেখুৱাই গা সৰা যুক্তিৰে অৱহেলা কৰাটো অতি দুখৰ বিষয়।বিহুৰ তাহানিৰ উছাস পৰম্পৰা স্বক্ৰীয়তা প্ৰতিজন অসমীয়াই ধৰি ৰাখিবলে প্ৰচেষ্টা ৰাখিব লাগিব।এইবিষয়টো ওপৰত অসমীয়া সজাগ সচেতন হ’ব লাগিব।নহ’লে সময়ৰ গতিত লাহে লাহে বিহু অসমীয়াৰ মাজৰ পৰা এদিন নোহোৱা হৈ গ’লেও আচৰিত হব লগা একো নেথাকিব।

বিহু উৎসৱ অসমত কেতিয়াৰে পৰা প্ৰচলিত হৈ আহিছে তাক লৈ বিভিন্ন জনে ভিন্ন মত পোষণ কৰে।বিহুৰ উৎপত্তি সন্দৰ্ভত সৰ্বসন্মত তথ্য কিন্তু আজিও পোৱা নগ’ল।ইতিসাহতো এই সম্পৰ্কে সৰ্ব সন্মত গ্ৰহণযোগ্য মতবাদ পোৱা নেযায়।বিহু উৎপত্তি সম্পৰ্কত বিজ্ঞ সকলে বিভিন্ন মত আগবঢ়াই আহিছে।আহোম ৰজা সকলৰ শাসন কালৰে পৰা বিহু উৎপত্তি হোৱা বুলি লোক বিস্বাস।
অসমৰ বিহুৰ ইতিসাহ খুচঁৰিলে,দেখা পোৱা যায় যে,আহোম স্বৰ্গদেউ সকলৰ ৰাজত্বৰ কালৰো আগৰ পৰা বিহু উৎসৱ পালন কৰি অহাৰ সম্ভেদ পোৱা যায়।আহোম সকলৰ ৰাজত্বৰ সময়ৰ পৰা বিহুক বিশেষকৈ অসমৰ জাতীয় উৎসৱ ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা লৈছিল আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই।ৰাজধানী ৰংপুৰৰ ৰংঘৰৰ বাকৰিত বহি স্বৰ্গদেউ সকলে সপৰিয়ালে বিহু হুঁচৰি উপভোগ কৰিছিল।অতীতৰ হুঁচৰিক চোতাল বিহু বুলিও জনাজাত।
ব’হাগ বিহুক অসমৰ মূল উৎসৱ হিচাবে গণ্য কৰা হয়। মাঘ বিহু আৰু কাতি বিহু,ৰঙালী বা ব’হাগ বিহুৰ তুলনাত উছাস উদ্দীপনা কিছু পৰিমানে কম ।কিয়নো মাঘ বা ভোগালী বিহু আৰু কাতি বা কঙালী বিহু ব’হাগ বিহুৰ তুলনাত উছাস আনন্দ কম ।ব’হাগ বিহু সাত দিনীয়া । বসন্তৰ আগমনত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। সদ’ল বলে ককালত টঙালী বান্ধি ডেকা গাভৰু ,বুঢ়া মেঠা সকলো বিহুৰ বাবে সাজু ।
বিহু অসমত বিশেষ কৈ উজনি অসমৰ জাতি, জনগোষ্টীয় মৰাণ,মটক,দেউৰী, আহোম,কছাৰী,মিচিং,আদি সম্পদায় লোক সকলৰ মাজতে সীমাৱদ্ধ আছিল যদিও,আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ ৰাজত্ব কালত অসমৰ সকলো জনগোষ্ঠীয় লোকৰ মাজত বিহুক জনপ্ৰিয় কৰিবলে আহোম স্বৰ্গদেউ সকলে সকলো ধৰণৰ পদক্ষেপ লৈছিল।উজনিৰ পৰা কাল ক্ৰমাত বিহু মধ্য অসমলৈ,তাৰ পিছত লাহে লাহে সম্প্ৰসাৰণ হৈ আজিৰ তাৰিখত উজনি নামনি সমগ্ৰ অসমতে বিস্তাৰিত হৈ পৰিছে।
অসমৰ বিহু কেইটা মুলত:কৃষি ভিত্তিক উৎসৱ হিচাবে পালন কৰা হয়।কৃষিৰ লগত জড়িত চহা কৃষকে কৃষি কৰ্ম আৰম্ভ কৰাৰ আগ আগে কৃষিজীৱি ৰাইজে গৰু বিহু উদযাপন কৰে।গৰু বিহুৰ দিনা গোহালিৰ গৰু কেইটাক মা’হ হালধী লাও,কেৰেলা,বেঙেনা, ঠেকেৰাৰে গা ধোঁৱাই পূজা কৰি গৰু বিহু উৎসৱ উদযাপন কৰে। গৰু বিহুৰ দিনা ন-পঘাঁৰে গৰুক বান্ধি গোহালিৰ চাৰিও ফালে জাক জুই জ্বলাই,গৰুক পিঠা পনা খোৱাই পূজা কৰা হয়। ব’হাগ বিহুটিক সাত দিন জুৰি পালন কৰা হৈছিল।
গোটেই ব’হাগ মাহটো জুৰি,উদযাপন কৰা ব’হাগ বা ৰঙালী বিহুক সাত বিহুৰ নামকৰণ কৰা হৈছে।(১) গৰু বিহু(২)মানুহ বিহু (৩)গোঁসাই বিহু(৪)তাতঁৰ বিহু(৫)নাঙলৰ বিহু (৬) চেনেহী বিহু(৭) চেৰা বিহু ।মুলত: তাহানিৰ সময়ত ব’হাগ বিহুক সাত দিন জুৰি উদযাপন কৰা হৈছিল।
আজিৰ যান্ত্ৰিকতাৰ যুগত বিহুক সপ্তাহ জুৰি উদযাপন কৰাৰ সময় কাৰো হাতত নাই।সময়ৰ নাটনিয়ে হওক বা ব্যস্ততাই কাৰণতে হওক,সাত বিহু উদযাপন কৰিবলে আজিৰ তাৰিখত কাৰো সময় নাই।ৰঙালী বিহুত অসমীয়া ডেকা গাভৰুৱে ঢোল পেপা গগনাৰ তালে তালে লহৰে লহৰে ককাল ভাঙি নাঁচি বাগি মতলীয়া হৈ পৰে।আগৰ দিনত জুৰীয়া আহঁতৰ তলত প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত দিন ৰাতি একাকাৰ কৰি বহাগ বিহু উদযাপন কৰিছিল।আগৰ দিনত ৰঙালী বিহুক প্ৰধানকৈ হুঁচৰি হিচাবে উদযাপন কৰা হৈছিল।গাৱঁৰ বুঢ়া মেথা সকলে আধ্যাত্মিকতা ভাৱত বিহুৰ সাজ পৰিধান কৰি গাৱঁৰ নামঘৰৰ পৰা আৰম্ভ কৰিছিল।হুঁচৰিত নাচনীৰ স্থান নাছিল,ভক্তিমুলক গীতৰ তাল লহৰেৰে হুঁচৰি পৰিবেশন কৰা হৈছিল।কিন্তু সময়ৰ লগে লগে হুঁচৰিৰ স্থানত বিহুৱে খুপনি পুতি আজিৰ পৰিৱেশত উপনিত হৈছেহি। যি কি নহওক, আজিৰ বিহুত নাচনীৰ অংশ গ্ৰহন অপৰিহাৰ্য ।

          ৰঙালী বিহু সামৰিয়ে কৃষকে কৃষি কৰ্ম আৰম্ভ কৰে। কৃষি কৰ্ম সামৰি,আহিন মাহৰ দুমাহীৰ দিনা কৃষক ৰাইজে কাতি বিহু উদযাপন কৰে।পথাৰৰ শস্য যাতে কীট পতংগই অনিষ্ট  কৰিব নোৱাৰে তাৰ কাৰণে পথাৰৰ শস্যৰ গুটি আৰম্ভ হোৱাৰ আগ মুহুত্বত শস্যৰ পথাৰত চাকি বন্তি জ্বলাই কাতি বিহু উদযাপন কৰে।সেই দৰে পুহ মাহত পথাৰৰ নতুন শস্য ভৰাঁলত চপাই নদন বদন উভৈনদী হৈ থকা শস্যৰে উদৰ পুৰাই খাবলৈ মাঘ বিহু অথবা ভোগালী বিহু উদযাপন কৰে।এইয়া হ'ল বিহু তিনিটাৰ প্ৰধান বৈশিষ্ট।

তিনিওটা বিহুৰ ভিতৰত ব’হাগ বা ৰঙালী বিহুক প্ৰধান বিহু হিচাবে গণ্য কৰা হয়।
বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে নতুন ৰূপত বৰণ সলাই।গছ লতা তৃণই ন-ৰূপত সেউজীয়া বৰণ লৈ এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি কৰে।আমে মলিয়াই,কঁঠালে মুঁচি পেলাই,কহুঁৱা, বিৰিণা,নল,ইকঁৰা,খাগৰী,টিকনি বৰুৱা,মাখিয়তী,জেতুকা আদি বিভিন্ন গছ লতাই গা কৰি উঠি বিহুৰ বতৰা দিয়ে।গছৰ ডালত বিহুৱতী চৰাই কুলি কেতেকীৰ সুঁৱদী মাতে বিহুৰ আগ জাননী দিয়ে,দুপৰ নিশাৰ কেতেকীৰ বিননীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰে ডেকা গাভৰুৰ মনপ্ৰাণ উত্তাৱল কৰে।মুঠতে বিহু বুলিলে অসমীয়াৰ গা সাত খন আঠখন কৰে।চ’তৰ আৰম্ভনিৰ পৰা গাওঁ চহৰ নগৰৰ পৰিৱেশ সলনি হয়।গছৰ ডালত কুলি কেতেকী চৰাই সুৱদী মাত, ঢোল পেপা গোম গোমনি তালৰ খিট খিটনিয়ে পৰিৱেশ ৰজন জনাই থাকে ।গোলাপ,তগৰ কপৌ ফুলৰ সুবাসে চাৰিও ফালৰ পৰিৱেশ মনোমোহা কৰি বসন্তৰ জাননী দিয়ে।লৰা ডেকা গাভৰু বুঢ়া মেঠা হিয়াত আনন্দে নধৰা এক উৎসৱ মুখৰ পৰিৱেশ।মুঠতে বিহু বুলিলে তাহানিৰ গাওঁ বিলাকত এক বিনন্দীয়া পৰিৱেশ।কণ কণ লৰা ছোৱালী,ডেকা গাভৰু বুঢ়া মেঠা সকলোৰে গা মন জুৰাই যায়।
চাকৰি সুত্ৰে দুৰৈত থকা
পৰিয়ালৰ সদস্য সকল বিহুলৈ বুলি ঘৰমুৱা হয়। পৰিয়ালৰ সতে বিহুৰ আমেজ লবলৈ ঘৰলৈ আহে।মুঠৰ ওপৰত সকলোতে আনন্দৰ পৰিৱেশে বিৰাজ কৰে।কিন্তু তাহানিৰ প্ৰকৃতিৰ সেই ৰূপ যৌৱন আজি দেখিবলৈ পোৱা নেযায়।প্ৰকৃতিৰ ধংস যজ্ঞ চলিছে আজি।ফলত তাহানিৰ বিনন্দীয়া পৰিৱেশ আজি পাবলৈ নাই।বন ধংসৰ ফলত প্ৰাকৃতিক পৰিৱেশ সনলি হৈছে।নাহৰ তগৰ কপৌ ফুলাৰ পৰিৱেশ আজি নাই।বনৰীয়া জীৱ জন্তু বাহিৰলৈ ওলাই আহিছে,হাতী মানুহৰ সংঘাট এইয়াৰে ফল।ভয়ানক বন ধংসৰ প্ৰতিযোগিতা নামিছে আমাৰে একাংশই।পৰিৱেশ সলনি হৈছে।ফলত প্ৰকৃতিৰ সেই বিনন্দীয়া ৰূপ যৌৱন আজি আজি দেখিবলে পোৱা নেযায়।

               বিহু হুঁচৰি মুলত:লাহে লাহে আহঁতৰ তলৰ পৰা মানুহৰ ঘৰে ঘৰে পৰিৱেশন কৰাৰ প্ৰথা আহোম স্বৰ্গদেউ সকলৰ দিনতে আৰম্ভ হৈছিল।সময় বাগৰাৰ লগে লগে আহঁতৰ তলৰ বিহু আহি চোতাল পালেহি আৰু চোতালৰ বিহু আজি মঞ্চত। আজি কালি মঞ্চ বিহুৱে ৰাইজৰ মাজত প্ৰাধান্য লাভ কৰা দেখা গৈছে।বিশেষকৈ নগৰ চহৰ অঞ্চলত মঞ্চ বিহুৰ প্ৰভাৱ বেছি।সময়ৰ পৰিবৰ্তনৰ লগে লগে তাহানি বিহুৰ সেই মাদকতা সেই আনন্দ নোহোৱা হৈছে ।গাৱঁৰ বিহু আজি চহৰ মুখী হ'ল। চোতালৰ বিহু গৈ মঞ্চত উঠিল।আজিৰ বিহুৱে ৰূপ সলনি কৰিছে ।বিহুৰ বাদ্য যন্ত্ৰ কেইপদৰ বাহিৰে,নাচ গীত লয় লাস নাচৰ ভংগী, বিহু গীতৰ সুৰ সাজ পোচাক সকলো বিলাক বদলি হৈছে।আধ্যাত্মিকতা বোলা বস্তুটো যেন আজিৰ বিহু হুচঁৰিত নোহোৱা হ'ল।সকলো আজি পৰিবৰ্তন। আজিৰ বিহু মঞ্চমুখী হোৱাৰে লগে লগে ধনমুখী হৈ পৰিছে, চহৰৰ বিহুত সন্মিলন বিলাকত কোনে কিমানৰ বাজেট,

কোনে বিখ্যাত নামি দামী গায়ক শিল্পীক নিমন্ত্ৰণ কৰি আনি চমক দেখুৱাব পাৰিছে তাৰহে প্ৰতিযোগিতা চলিছে।বিহুৰ তাৎপৰ্য কি উদ্দেশ্য কি সেইবোৰ আছল কথা নহয়।
তাহানিৰ বিহুৰ সংস্কৃতি,মাদকতা,পৰম্পৰা আজি নোহোৱা হ’ল। একাংশই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত অসমৰ বিহুৰ নৃত্যক উপলুঙা কৰি প্ৰদৰ্শন কৰি দেশবাশীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। বিহু নৃত্যৰ ভংগীমা বিকৃত ৰূপত প্ৰদৰ্শন কৰি বিশ্ব বাসীৰ আগত অসমীয়াক তাচ্ছিল্য কৰিবলৈ কুন্ঠাবোধ কৰা নাই।বিহুৰ নামত আজি যেন ধন ঘটাৰ প্ৰতিযোগিতা। বিহুৰ কৰ্মশালা,প্ৰশিক্ষণৰ আয়োজনৰ নামত লাখে লাখে ধন সংগ্ৰহ কৰাৰ উজান উঠিছে।ঠায়ে ঠায়ে ,চুবুৰীয়ে চুবুৰীয়ে বহাগী উৎসৱ,বহাগী বিদায়,বসন্ত উৎসৱৰ জোঁৱাৰ উঠিছে।বিহুৰ কৰ্মশালাৰ নামত ঘৰে ঘৰে প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি উঠিছে।বিহুৰ
কৰ্মশালা প্ৰশিক্ষণৰ নামত শিকাইছে কি,শিকিছে কি,তাক লৈ মুৰ ঘমুৱাৰ সময় আজি কাৰো নাই।যি সময়ত ইংলেণ্ড অষ্ট্ৰেলিয়া ৰাছিয়া আদি বিভিন্ন দেশৰ পৰা প্ৰশিক্ষাৰ্থী অসমলৈ আহি বিহুৰ ওপৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰিছে,বিহুৰ ওপৰত অধ্যয়ন কৰিবলৈ আহিছে ,বিহু গীত বিহু নৃত্য শিকিছে, তেনে সময়ত আমাৰে একাংশই(সকলোৱে নহয়)বিহুক বিকৃত ৰূপত উপস্থাপন কৰি ধন ঘটাৰ সম্বল হিচাবে ব্যৱহাৰ কৰি ,বিশ্ব বাসীৰ আগত অসমীয়াৰ জাতীয় অস্তিত্বক তাচ্ছিল্য কৰি বিহু নৃত্যক বিকৃত ৰূপত প্ৰদৰ্শন কৰিবলৈ কুন্ঠাবোধ কৰা নাই।
এই সকলে অসমীয়াৰ জাতীয় অস্তিত্বৰ প্ৰতি বিপদ মাতি অনিছে।জাতীয় সংস্কৃতিৰ প্ৰতি ভেঙুচালি বিকৃতকৰণ ধৰণৰ কাৰ্য কোনো গুণে ক্ষমাৰ যোগ্য নহয়।বিহুৰ ওপৰত এনে ধৰণৰ অপ্ৰাসংগিক বিভ্ৰান্তি চলি থাকিলে,এদিন আদৰৰ বিহুটিয়ে যে অস্তিত্ব সকীয়তা হেৰুৱাই পেলাব,বৌদ্ধিক মহলক চিন্তিত কৰি তুলিছে।বিহুৰ লগে লগে
অসমীয়াৰ জাতিৰ অস্তিত্বৰ প্ৰতিও এদিন ভাবুকি আহিব।বিহু,অসমীয়াৰ জাতীয় উৎসৱ হিচাবে বিশ্বৰ দৰবাৰত এটা সুকিয়া পৰিচয় আছে।তেনে অৱস্থাত আমি আমাৰ অস্তিত্ব বিকৃত ৰূপত দাঙি ধৰিলে,বিহুৰ প্ৰতি থকা বিদেশী গৱেষক সকলৰ শ্ৰদ্ধা,আকৰ্ষণ,মৰম আগ্ৰহ নিশ্চিত ৰূপে কমি যোৱাৰ সম্ভাৱনা বেচি ।আজিৰ তাৰিখতো আমাৰে একাংশই বিহুক আধুনিকীকৰণ নামত বিকৃত ৰূপত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে।ই অতি দুৰ্ভাগ্যজনক।
বিহু উদযাপনৰ উদেশ্য,লক্ষ্যৰ প্ৰতি যেন আজি সজাগ সচেতন নহয়! অঞ্চলে অঞ্চলে চুবুৰীয়ে চুবুৰীয়ে বিহু কমিটি গঠন কৰি কোটিৰ ঘৰত ধন সংগ্ৰহৰ প্ৰতিযোগিতাত নামিছে আজিৰ বিহু কমিটি সমুহ।ডিঙিত ফুলাম গামোচা খন মেৰিয়াই লৈ অসমীয়াগিৰি দেখুৱাই,অনা অসমীয়া, বহিৰাগত বনিক,ঠিকাদাৰ,বিধায়ক,মন্ত্ৰীৰ পৰা বলপুৰ্বক বুজন পৰিমাণৰ ছান্দা সংগ্ৰহ কৰি বিহু উদযাপন কৰা কাৰ্যক,কোনো সচেতন অসমীয়াই মানি লব নোৱাৰে।উদযাপনৰ লগে লগে বিহুৰ সকীয়তাৰ প্ৰতি যেন আজি কাৰো দায়িত্ব নাই।অসম তথা অসমৰ বাহিৰত উদযাপনৰ নামত বিভ্ৰান্তিকৰ সুৰ,নৃত্য লয় লাস পৰিৱেশন কৰি বিহুক বিকৃত কৰা কাৰ্য অসমীয়াই মানি লব নোৱাৰে।আজি কালি বিহু গীত নোহোৱাই হৈছে,বিহু গীতৰ ঠাইত বিহু সুৰীয়া গীতৰ আগমন ঘটিছে।অৱশ্যে দুই চাৰি জন মান শিল্পীৰ বাহিৰে ,সৰহ সংখ্যক শিল্পীয়ে বিহু গীতৰ সলনি বিহুসুৰীয়া গীত,বনগীত বিহু মঞ্চত পৰিৱেশন কৰা দেখা যায়।এনে ধৰণৰ পৰিৱেশে আমাৰ বাপতি সাহোন ৰঙালী বিহুৰ মৰ্যদা,বিহু গীতৰ সংস্কৃতি পৰম্পৰা লাঘব কৰাৰ স্থল থাকে।লগতে আমি বিহুগীতৰ,সুৰ,লয়,পৰম্পৰা জীয়াই ৰাখিবলৈ আমি ব্যৰ্থ হম।

বিহুক”অসমীয়া জাতিৰ আয়ুস ৰেখা” বুলি প্ৰায়ত ড° ভূপেন হাজৰিকা দেৱে গীতৰ মাজেৰে কৈ গৈছে।তেখেতৰ মতে বিহু থকালৈকে অসমীয়া জাতি জীয়াই থাকিব।বিশ্ব বাসীৰ আগত অসমীয়াৰ প্ৰথম পৰিচয় অসমৰ বিহু,আৰু ৰঙীণ ফুলাম গামোচা খন। এই ফুলাম গামোচা খন অসমীয়াৰ স্বাভিমান। সভা সমিতিয়ে মেল মিটিঙে অতিথিক অভ্যথনা জনোৱাৰ প্ৰথম আৰু প্ৰধান আহিলা হৈছে আমাৰ ফুলাম গামোচা খন।কিন্তু কিছু দিনৰ পৰা লক্ষ্য কৰা হৈছে যে,আমাৰ আদৰৰ গামোচা খনকো একাংশই বৰমুৰীয়াই অনাদৰ অপমান কৰিবলৈ এৰা নাই।এই সকলে বিহুক আজি ৰাজনীতি কৰণৰ কৰাৰ প্ৰচেষ্টা চলাই গৈছে।জাতি মাটি ভেটিৰ কথা কোৱা সকলে যদি জাতিক উদ্বাৰ কৰা কথা যদি ভাবিছে,তেনেহলে জাতিক উদ্ধাৰ কৰাৰ স্বাৰ্থত বিহুক উদ্বাৰ কৰাৰ ব্যৱস্থা হাতত লব লাগিব।বিহুক জাতি,ধৰ্ম,বৰ্ণ আৰু ৰাজনীতিৰ পৰা আতঁৰাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।নহলে বিহুৰ লগে লগে অসমীয়া জাতিও যে,এদিন নিচিহ্ন হৈ যাব।জাতি থাকিলেহে ভেটি থাকিব,সংস্কৃতি থাকিব।আৰু সংস্কৃতি থাকিলেহে বিহু থাকিব।জাতিৰ অস্থিত্ব বাছি থাকিব ।বিহুক আমি ধৰ্ম ৰাজনীতিৰ পৰা আতঁৰত ৰাখিব লাগিব।ডেৰ দুই লাখ চৰকাৰী ধনৰ আশাত বিহুক বিপথে পৰিচালনা কৰাৰ ক্ষেত্ৰত চৰকাৰী বাধকতা আহিলেও তাৰ বিৰোধে অসমীয়াৰ একগোট হৈ থিয় দিব লাগিব।আমি বিহুত অপসংস্কৃতিয়ে যাতে গা কৰি উঠিব নোৱাৰে তাৰ প্ৰতি প্ৰতিজন অসমীয়া সজাগ সচেতন হ’ব লাগিব।

প্ৰমোদ চেতিয়া।
মবাইল:– 8638785255

Leave A Reply

Your email address will not be published.