মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন প্ৰসাৰৰ বাবে USTM ৰ অনন্য পদক্ষেপ

475

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ নৱ বৈষ্ণৱ দৰ্শন আৰু সংস্কৃতিৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে একেই পদক্ষেপ গ্ৰহণ কৰিছে। 

এই প্ৰচেষ্টা হাতত লৈছে মেঘালয়স্থিত এখন বেচৰকাৰী বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনৰ প্ৰতিস্থাপক হৈছে বৰাক উপত্যকাৰ এগৰাকী ইছলাম ধৰ্মীয় শৈক্ষিক উদ্যোগী। 

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা হ’বলৈ আগবাঢ়িছে গুৱাহাটীৰ দাঁতিকাষৰীয়া মেঘালয়ত অৱস্থিত বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকনলজি মেঘালয়ত (USTM)। জে এন ইউ, বিশ্বভাৰতী, বানাৰস হিন্দু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ত অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰাৰ সমান্তৰালভাবে ইউ এছ টি এমৰ প্ৰতিস্থাপক-আচাৰ্য মাহবুবুল হকৰ ই এটা ব্যক্তিগত পদক্ষেপ।

মাহবুবুল হকৰ এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে। এই প্ৰসংগত সত্ৰাধিকাৰগৰাকীয়ে বুধবাৰে ইউ এছ টি এম পৰিদৰ্শন কৰে আৰু মাহবুবুল  হকৰ সৈতে বিতং আলোচনাত মিলিত হয়।

বুধবাৰে ইউ এছ টি এম পৰিদৰ্শন কৰি  সত্ৰাধিকাৰ দেৱগোস্বামীয়ে  ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তেওঁ কয় যে কমলাবাৰী সত্ৰই সত্ৰীয়া সংস্কৃতিৰ ওপৰত গৱেষণাৰ বাবে ইউ এছ টি এমৰ সৈতে সহযোগিতা আগবঢ়াব, যাৰ বাবে ইতিমধ্যে দুয়োটা অনুষ্ঠানৰ মাজত আলোচনা হৈছে। 

সত্ৰাধিকাৰ দেৱ গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰি শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ ভক্তি আন্দোলনৰ ওপৰত বক্তব্য আগবঢ়ায়। তেওঁ কয় যে অসমৰ লোকসকলে শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ ‘এক শৰণ নাম ধৰ্ম’ৰ বিষয়ে ভালদৰে জানে। সাৰ্বজনীন ভাতৃত্ববোধৰ নীতিৰ আধাৰত গঢ়ি উঠা শংকৰদেৱৰ ‘ভক্তি আন্দোলন’ৰ প্ৰসাৰ ঘটাব লাগিব। তেওঁ কয় যে নৱ বৈষ্ণৱ ধৰ্ম দৰ্শন আৰু সাহিত্যৰ আছে সাৰ্বজনীন গ্ৰহণযোগ্যতা ।   

ফিটনেছৰ বাবে বিবেচিত হ’ব পৰা নৃত্য ‘মাটি আখৰা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ‘জুম্বা’ নাচ অহাৰ বহু আগতেই শ্ৰীমন্ত শংকৰদেৱে এই নৃত্যৰ প্ৰচলন কৰিছিল। যদি কোনোবাই মাটি আখৰাৰ অনুশীলন কৰে, তেন্তে ফিটনেছৰ বাবে জিমলৈ যোৱাৰ প্ৰয়োজন নাই। “এইবোৰ বিষয়ত আমি যত্ন ল’ব লাগে আৰু ইয়াৰ বাবে গৱেষণা আৰু প্ৰকাশনৰ প্ৰয়োজন হয়। আজি আমি জলবায়ু পৰিৱৰ্তন আৰু বৃক্ষৰোপণৰ কথা কওঁ, কিন্তু শ্ৰীমন্ত শংকৰদেৱে ৬০০ বছৰৰ আগতে গছ-গছনি আৰু পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যেতিয়া তেওঁ কৈছিল যে এজোপা গছ ১০ টা সন্তানৰ সমান।

প্ৰসংগক্ৰমে আচাৰ্য মহবুবুল হকে কয় যে ইউ এছ টি এমে ইতিমধ্যে মাজুলীত সত্ৰীয়া সংস্কৃতিৰ ওপৰত গৱেষণাৰ বাবে আলোচনা কৰি আছে। এই উদ্দেশ্য আগত ৰাখি কেনেদৰে আগবাঢ়িব পাৰি তাৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে সত্ৰাধিকাৰগৰাকীৰ লগতে মাজুলীৰ আন প্ৰতিনিধি আৰু ইউ এছ টি এমৰ মাজত বুধবাৰে এক আলোচনা অনুষ্ঠিত হয়।

“শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দৰ্শন প্ৰসাৰ আৰু অধ্যয়নৰ বাবে আমি আমাৰ বিশ্ববিদ্যালয়ত এখন শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ। সেই বিষয়ে এক চূড়ান্ত আলোচনাত আমি অচিৰেই মিলিত হম”, মাহবুবুল হকে লগতে কয়।

বুধবাৰে ইউ এছ টি এমত উপস্থিত হৈ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীক পৰম্পৰাগত গামোচা, চেলেং চাদৰ আৰু শৰাইৰে সম্বৰ্ধনা জনায় ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে। তেওঁক পৰম্পৰাগত গায়ন বায়ন প্ৰদৰ্শনেৰে সম্বৰ্ধনা জনোৱাৰ পাছত উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত ইউ এছ টি এমৰ ছাত্ৰ-ছাত্ৰীসকলে বৰগীত আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰে।

Leave A Reply

Your email address will not be published.