বটদ্ৰৱাৰ ডুমডুমীয়াত আমছুৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিশাল প্ৰতিবাদী সভা।

1,735

ছেলিম আহমেদ, বটদ্ৰৱাঃ ৰাজ্যৰ সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে ইতিমধ্যে খচৰা প্ৰকাশ কৰাৰ পিছত চলি আছে আপত্তি প্ৰদান কৰা প্ৰক্ৰিয়া। সমষ্টিৰ খচৰাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই শুক্ৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বলিকটীয়া আঞ্চলিক আমছুৰ সহযোগত ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰৰত এক প্ৰতিবাদী গণ সমাবেশ অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে এই সমষ্টি পুনৰ নিৰ্ধাৰণ সাম্প্ৰদায়িক বুলি অভিযোগ উত্থাপন কৰে। এই খচৰাৰ বিৰুদ্বে আমছুৱে সমগ্ৰ ৰাজ্য জুৰি গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব বুলি সভাত উল্লেখ কৰে। নগাওঁ জিলা আমছুৰ সভাপতি আব্দুন নুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা তথা জিলা আমছুৰ সাধাৰণ সম্পাদক আশ্ৰাফুল ইছলামে আঁত ধৰা সভাত আমছুৰ কেন্দ্ৰীয় উপ সভাপতি মোশ্বাৰফ হুছেইন কবিৰ আৰু সহকাৰী সম্পাদক আব্দুৰ ৰহিমে উদাত্ত ভাষণ আগবঢ়াই। সভাত আমছুৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে প্ৰায় তিনি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.